NORTHEAST NOW (Assamese)

বিজেপিৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি থাকোতেই হাৰ্ট এটেকত মৃত্যু কংগ্ৰেছ নেতাৰ

August 20, 2024 8:28 am · এন ই নাও নিউজ

সংবাদমেলত সম্বোধন কৰি ৰাজ্যপালৰ শক্তিৰ উত্থান সম্পৰ্কে সাংবাদিকক কথা কৈ আছিল নেতাগৰাকীয়ে। দি আছিল সাংবাদিক সকলৰ প্ৰশ্নৰ উত্তৰ। কিন্তু তাৰ মাজতেই হঠাৎ ঢলি পৰে তেওঁ।

এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰু প্ৰেছক্লাৱত। কৰ্ণাটক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলৰ অনুসূচিত জাতি অবিচি আৰু সংখ্যালঘু কোষৰ মুৰব্বী চি কে ৰবিচন্দ্ৰন হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। নেতাগৰাকীক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই প্ৰয়াত নেতাগৰাকীৰ মৃত্যুশোক প্ৰকাশ কৰিছে। ইফালে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজত চলি আছে বিবাদ । কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে ভূমি কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। সোমবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। ফলত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই সাময়িক সকাহ লাভ কৰে।

ইয়াৰ পিছত সংবাদ মাধ্যমৰ সন্মুখীন হৈ ৰাজ্যপালৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতা ৰবিচন্দ্ৰনে। তথাপি তেওঁৰ মৃত্যুত বিজেপি দলেও শোক প্ৰকাশ কৰিছে।

Related News