• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খৰচ বহুত! অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰিলে ট্ৰাম্প প্ৰশাসনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 9:00 pm
545
VIEWS
Share on FacebookShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰাটো সাময়িকভাৱে বন্ধ কৰি দিছে। ১ মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা সামৰিক বিমান আমেৰিকাৰ পৰা ৰাওনা হয়। তাৰ পাছৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ পেন্টাগনৰ আন কোনো বিমান ব্যৱহাৰ কৰা হোৱা নাই। বৰ্তমান এই সন্দৰ্ভত কোনো সামৰিক বিমানৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময়সূচী নাই। চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমেৰিকাৰ সংবাদ মাধ্যম ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ই প্ৰকাশ কৰা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে কাৰণ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো ব্যয়বহুল।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ উদ্যোগ লৈছে। ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ সামৰিক বিমান চি-১৭ (গ্ল’বমাষ্টাৰ) আৰু চি-১৩০ ব্যৱহাৰ কৰি ভাৰত, গুৱেটামালা, ইকুৱেডৰ, পেৰু, হণ্ডুৰাছকে ধৰি বিভিন্ন দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে। ইয়াৰ ভিতৰত আমেৰিকাই কেইবাখনো দেশলৈ সামৰিক বিমান প্ৰেৰণৰ বাবে তুলনামূলকভাৱে অধিক খৰচ কৰিছে।

ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক সামৰিক বিমানেৰে গুৱেটামালালৈ পঠিয়াবলৈ ট্ৰাম্প প্ৰশাসনে ৪৬৭৫ ডলাৰ দিবলগীয়া হৈছিল। ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰি লাখ টকা। যিহেতু আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক একেটা পথৰে বাণিজ্যিক বিমানেৰে গুৱেটামালালৈ পঠিয়ালে ৮৫৩ মাৰ্কিন ডলাৰ খৰচ হ’লহেঁতেন। ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪ হাজাৰ টকা।

আনকি ট্ৰাম্প ক্ষমতালৈ অহাৰ আগতেই আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিভিন্ন সময়ত নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল। বিগত সময়ত আমেৰিকাই সাধাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক বাণিজ্যিক চাৰ্টাৰ বিমানেৰে নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছিল। জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই আমেৰিকাৰ চাৰ্টাৰ বিমানো ভাৰতত উপস্থিত হৈছিল। সেই বিমানসমূহ পৰিচালনাৰ দায়িত্ব আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE)ৰ। কিন্তু দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছতো ট্ৰাম্পে সেই পথ অনুসৰণ কৰা নাছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd