বর্তমানলৈকে কৰ’নাভাইৰাছ শূন্য দেশকেইখন কি জানেনে? চাওক সেই তালিকা

b78cebd54f88f9dc164f17da84a7ba40

বিশ্বস্তৰত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ১ নিযুত অতিক্ৰম কৰিছে। সেইদৰে এই মাৰাত্মক মহামাৰীত গোটেই বিশ্বতে মৃত্যুৰ সংখ্যা প্ৰায় ৫৬ হাজাৰ হৈছেগৈ।

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই আঢ়ৈ হাজাৰ অতিক্ৰম কৰিছে আৰু এতিয়ালৈকে ৭১জন লোক মৃত্যুমুখত পৰিছে।

আনহাতে, বিশ্বই এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে কেইখনমান দেশত এতিয়ালৈকে কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই।

এনে দেশকেইখনৰ ওপৰত এবাৰ চকু ফুৰাই চাও আহকঃ

উত্তৰ কোৰিয়া-

উত্ৰ কোৰিয়াই দাবী কৰিছে যে ৩ এপ্ৰিললৈকে দেশখনত এটাও কৰ’না ভাইৰাছৰ পজিটিভ ৰোগী ওলোৱা নাই। অৱশ্যে, বিশ্বৰ বিশেষজ্ঞসকলে সদৰী কৰে যে প্ৰায় ২০০জন ইয়াৰ সৈনিক COVID-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

দক্ষিণ ছুদান

দক্ষিণ ছুদান ইয়াৰ মহাদেশখনৰ ৬খন দেশৰ ভিতৰত এখন য’ত এতিয়ালৈকে এটাও কৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা ঘটা নাই।

য়েমেন

৩ কোটি জনসংখ্যাৰ দেশ য়েমেনত এতিয়ালৈকে কোনো কৰ’না ভাইৰাছৰ পজিটিভ ৰোগী ওলোৱা নাই। দেশখনে বহু বছৰ ধৰি গৃহ যুদ্ধ, দৰিদ্ৰতা আৰু ক্ষুধাৰ মাজত বৰ্তি আছে।

 বুৰাণ্ডি

এতিয়ালৈকে কৰ’না ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰা এইখন হৈছে দ্বিতীয়খন আফ্ৰিকাৰ দেশ।

মালাৱি

পূব আফ্ৰিকাৰ দেশ মালাৱিয়ো কৰ’না ভাইৰাছে স্পৰ্শ নকৰা নখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত।

লিছ’থো

পৰ্বতমালা আৰু জংঘলেৰে ভৰা এই দেশখনত কোনো কৰ’না পজিটিভৰ ঘটনাপোহৰলৈ অহা নাই। দেশখনৰ চৰকাৰে গ্ৰহণ কৰা আগতীয়া প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবেই এই ভাইৰাছৰ আগমন ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি ধাৰণা কৰা হৈছে।

তুৰ্কমেনিস্তান

আমোদজনকভাৱে, আনকি দেশখনত প্ৰথমটো ঘটনা ঘটাৰ পূৰ্বেই চৰকাৰে দেশবাসীক এক মনস্ত্বাত্বিক উৎসাহ দিয়াৰ বাবে কৰ’নাভাইৰাছ নামটো প্ৰথমতে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। COVID-19 মহামাৰীৰ পৰা আঁতৰত থাকিবলৈ সক্ষম হোৱা কেইখনমান দেশৰ ভিতৰত এইখনো আছে।

ছাও টমে এণ্ড প্ৰিন্সিপে’

ছাও টমে এণ্ড প্ৰিন্সিপে’ৰ জনসংখ্যা হৈছে মাত্ৰ দুই লাখ। বৰ্তমানলৈকে এই দেশখনো কৰ’নাভাইৰাছ মহামাৰীৰ পৰা ৰক্ষা পৰি আছে।