উত্তৰ প্ৰদেশত সংঘটিত হৈছে এজি চাঞ্চল্যকৰ ঘটনা। এহাল দম্পতীক বিচাৰি বাথৰুমৰ দৰ্জা ভাঙি সোমাই আহিল আত্মীয়।
সেয়া আছিল হোলীৰ দিনাৰ ঘটনা। স্বামী-স্ত্ৰীয়ে হেঁপাহ পলুৱাই খেলিছিল হোলী। হোলী খেলি আহি দুপৰীয়া দুয়ো একেলগে বাথৰুমত প্ৰৱেশ কৰে।
বাথৰুমৰ পৰা কেইবা ঘন্টাৰ পিছতো তেওঁলোক ওলাই নাহিল। ফলত সন্দেহ হ’ল আত্মীয়ৰ। যাৰ বাবে বাথৰুমৰ দৰ্জা ভাঙি সোমাই গ’ল পৰিয়ালৰ লোক।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুৰত। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে চোটো বজাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। এহাল দম্পতীয়ে হোলীত পৰিয়ালৰ সৈতে ৰং খেলিছিল। তাৰপিছত গাৰ পৰা হোলীৰ ৰং গুচাবলৈ একেলগে বাথৰুমত প্ৰৱেশ কৰিছিল দুয়ো। ঘন্টা জুৰি ঘন্টা বাথৰুমৰ পৰা ওলাই নহা দেখি সন্দেহ হ’ল আত্মীয়ৰ আৰু দৰ্জা ভাঙি দেখে দুয়োৰে নিহৰ দেহ।
নিহত দুজনৰ নাম নবীন গুপ্তা (৪৪) আৰু সাক্ষী গুপ্ত (৪০)। বিষাক্ত গেছৰ বাবে দম্পতীহাল শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তদন্ত কৰি বাথৰুমৰ গিজাৰৰ পৰা গেছ লিক হোৱা বুলি জানিব পাৰে। এই ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।