চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বিজেপিক ভোট দিয়া নহ’ব : তিনচুকীয়াত শ শ চাহ শ্রমিকৰ প্ৰতিবাদ

লোকসভা নির্বাচনক লৈ উজনি অসমৰ চাহ অধ্যুষিত অঞ্চলৰ পৰিস্থিতি গৰম হৈ থকাৰ সময়তে আজি তিনিচুকীয়া সদৰ চাহ শ্রমিকৰ বিক্ষোভত উত্তাল হৈ পৰিল। বিগত ১০ বছৰে চাহ শ্রমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আজি চিপিআই (এম এল) ৰ উদ্যোগত শ শ চাহ শ্রমিকে প্ৰতিবাদ সাব্যস্ত কৰে।

অসম চৰকাৰৰ মজুৰি উপদেষ্টা বৰ্ডে ২০১৮ চনতে নিৰ্ধাৰণ কৰা ৩৫১ টকা দৈনিক মজুৰি আজিলৈকে কাৰ্যকৰী নকৰিলে। চাহ শ্রমিকক উন্নত স্বাস্থ্য সেৱাৰ প্ৰতিশ্ৰুতি দি তিনিচুকীয়া- ডিব্ৰুগড় জিলাৰ বিচাকপি, দিৰিয়াল, জকাই আৰু চাবুৱা গ্ৰুপ চিকিৎসালয় বন্ধ কৰি দিয়া হল । জনজাতিকৰণ আৰু কোৱাটাৰৰ লগতে দখলত থকা মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল। এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি চিপিআই ( এম এল) ৰ উদ্যোগত শ শ চাহ শ্রমিকে তিনিচুকীয়াস্থিত ASTC বাছ আস্থানৰ সন্মুখৰ পৰা এক বিক্ষোভ সমদল বাহিৰ কৰে।

চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বিজেপিক ভোট দিয়া নহ’ব তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক ভোট দিব বুলি ঘোষণা কৰে।

ইপিনে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণ জ্যোতি গগৈলৈ জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ যোগে চাহ শ্রমিকৰ মৌলিক সমস্যা সমূহ সমাধানৰ দাবীত এক দাবী পত্ৰ প্ৰদান কৰে CPI(ML) আৰু অসম সংগ্ৰামী চাহ শ্রমিক সংঘই।