পুনৰ বৃদ্ধি কৰা হৈছে PAN-আধাৰ সংযোগ কৰাৰ সময়সীমা; চাওক নতুন তাৰিখ

aadhaar_card_and_PAN_Card_1530462980

পাৰ্মানেন্ট একাউন্ট নাম্বাৰ (PAN) আৰু আধাৰ লিংকৰ (সংযোগ) সময়সীমা আকৌ এবাৰ বৃদ্ধি কৰা হৈছে।

চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স(CBDT)য়ে এতিয়া এই সময়সীমা ২০২০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে ধাৰ্য কৰা ২০১৯ৰ ৩১ ডিচেম্বৰৰ সময়সীমা উকলি যোৱাৰ সময়তে এই নতুন সময়সীমা ধাৰ্য কৰিছে।

চৰকাৰে এইবাৰৰ সৈতে অষ্টমবাৰৰ বাবে আধাৰৰ সৈতে পান সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰিলে।

ইনকাম টেক্স ফাইল কৰাৰ বাবে আধাৰক পানৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক।

যোৱা বছৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আধাৰ আঁচনিক সাংবিধানিকভাৱে মান্যতা দিয়াৰ লগতে পান আৰু আধাৰ সংযোগক বাধ্যতামূলক কৰিব বিচৰা চৰকাৰৰ আঁচনিক বৈধতা প্ৰদান কৰিছিল।

২০১৯ৰ ১ এপ্ৰিলৰ পৰা আয়কৰ দাখিল কৰাৰ বাবে আধাৰ-পান সংযোগ কৰাটো বাধ্যতামূলক।

পানৰ সৈতে আধাৰৰ সংযোগ কৰাৰ তাৰিখ অষ্টমবাৰৰ বঢ়াই দিয়া হৈছে। প্ৰথমবাৰ এই তাৰিখ ধাৰ্য কৰা হৈছিল ২০১৮ চনৰ ৩০জুন। য

এতিয়া পানৰ সৈতে আধাৰৰ সংযোগ কৰাৰ সময়সীমা ২০২০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।