কাৰ্বি আংলং জিলাৰ কাকচাঙ জলপ্ৰপাতত সন্ধানহীন গোলাঘাটৰ যুৱকদ্বয়ৰ মৃতদেহ উদ্ধাৰ

BOKAKHAT.Kakachang.Pic.1

বাওফালৰ পৰা বিভাকৰ নাগ আৰু সুদীপ বাকচী। ফাইল ফটো।

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতৰ পানীত দেওবাৰে নিৰুদ্দেশ হোৱা গোলাঘাটৰ যুৱকদ্বয়ৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় ৷

জলপ্ৰপাতত সলিল সমাধি ঘটা যুৱক দুজন হ’ল গোলাঘাট নগৰৰ ষ্টেশ্যন পথৰ বিভাকৰ নাগ আৰু টুকানি পাৰ্কৰ সুদীপ বাকচী ৷

গোলাঘাটৰ পৰা মটৰ চাইকেলেৰে অহা এটা আঠজনীয়া যুৱকৰ দলৰ সৈতে নিহত যুৱকদ্বয়ো দেওবাৰৰ দিনা কাকচাঙ জলপ্ৰপাতলৈ আহিছিল ৷

এই দলটোত আছিল গোলাঘাট ষ্টেশ্যন পথৰ বিভাকৰ নাগ, টুকানি পাৰ্কৰ সুদীপ বাকচী, হিন্দী স্কুলৰ সুভম পাল, কোনাল দে, আয়ুচ ধৰ, অভিশেখ ঘোষ, সুমিত চৰকাৰ আৰু হাস্পতাল পথৰ ৰাজু ঘোষ ৷

জলপ্ৰপাতটোত আটাইকেইজন যুৱকে পানীত নামি ধেমালি কৰি থকাৰ লগতে জলপ্ৰপাতটোৰ ওপৰৰ পৰা দুজনমানে জাপো মাৰিছিল ৷

তাৰ মাজতেই ষ্টেশ্যন পথৰ বিভাকৰ নাগ আৰু টুকানী পাৰ্কৰ সুদীপ বাকচী নামৰ যুৱক দুজন জলপ্ৰপাতটোৰ পানীত সোমাই পৰি নিৰুদ্দেশ হয় ৷

কাৰ্বি পাহাৰত যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতটোত পানী বাঢ়ি আছিল ৷

দেওবাৰে সন্ধিয়া সময়ত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছত ডলামৰা আৰক্ষী থানাৰ দল ঘটনাস্থলীত উপস্থিত হৈ লগত যোৱা পাঁচ সতীৰ্থক উদ্ধাৰ কৰে ৷

নিশা হৈ অহাৰ বাবে দেওবাৰ দিনা অভিযান চলাব নোৱাৰাৰ পিচত এচ ডি আৰ এফৰ দলে আজি পুৱাৰে পৰা চলোৱা অভিযানত জলপ্ৰপাতথলীত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷

নিহত যুৱকদ্বয়ৰ মৃতদেহ সম্প্ৰতি গোলাঘাটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷