ভাৰতবৰ্ষৰ মানুহে সাধাৰণতে প্ৰত্যেক দিনাই গা ধোৱে। প্ৰায় সংখ্যক মানুহেই ৰাতিপুৱা স্নান নকৰাকৈ ঘৰৰ পৰা নোলায় বা স্নান নকৰাকৈ খাদ্য নাখায়। স্নানাগাৰৰ পৰাই ভাৰতীয় মানুহৰ দৈনন্দিন কাম-কাজৰ আৰম্ভণী ঘটে। চৰম ঠাণ্ডাতো ভাৰতীয়ই গা ধোৱা বন্ধ নকৰে। কিছুমান মানুহে দিনটোত যিমান বাৰেই শৌচালয়লৈ যায়, সিমান বাৰেই গা ধোৱে। মৃতদেহ দেখিলেও কিছুমানে গা ধুই দিয়ে।
ভাৰতীয় সংস্কৃতিত গা ধোৱাটোও পবিত্ৰতাৰ সৈতে জড়িত। সেয়ে ইয়াক এক বেলেগ আৰু গুৰুত্বপূৰ্ণ দৃষ্টিভংগীৰে মূৰ্তকৰণ কৰা হয়। গা ধোৱাটো আমাৰ সংস্কৃতিৰ এক পবিত্ৰ কৰ্ম। কিন্তু এনে পৰিস্থিতিত যদি কোনোবাই দৈনিক গা ধুব নালাগে বুলি কয়, তেন্তে মানুহবোৰ জাঙুৰ খাই উঠিব পাৰে।
বিশেষজ্ঞৰ মতে প্ৰতিদিনে গা ধুই থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বিশ্বৰ ভিতৰতে সৰ্বাধিক গা ধোৱা লোক হৈছে ভাৰতৰ জনসাধাৰণ। কাৰণ তেওঁলোকে অনুভৱ কৰে যে এই কাম কৰিলে তেওঁলোকৰ শৰীৰ আৰু মন সতেজ হোৱাই নহয়, শৰীৰটোও শুদ্ধ হয়। দৈনন্দিন পূজাৰ বাবে গা ধোৱাটো অপৰিহাৰ্য বুলি বিশ্বাস কৰাৰ বাবে বহু ভাৰতীয়ই দৈনিক স্নান কৰে।
কিন্তু বিজ্ঞানৰ মতে যদি আপুনি প্ৰতিদিনে গা ধোৱে তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে। বিশ্বৰ ছালৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ঠাণ্ডাৰ দিনত প্ৰত্যেক দিনেই গা নোধোৱাটো ছালৰ বাবে ভাল। অত্যধিক গা ধোৱাৰ ফলত আমাৰ ছালৰ ক্ষতি হ’ব পাৰে।
বহু গৱেষণাত প্ৰমাণিত হৈছে যে ছালৰ নিজকে পৰিষ্কাৰ কৰাৰ ক্ষমতা আছে। যদি আপুনি ব্যায়াম নকৰে বা ধূলিময় অঞ্চলত নাথাকে তেন্তে প্ৰতিদিনে গা ধুই থকাটো প্ৰয়োজনীয় নহয়।
আনহাতে বিশেষজ্ঞ সকলে কয় যে শীতকালত গৰম পানীৰে গা ধুলে উপকাৰতকৈ ক্ষতি বেছি হ’ব। ই ছালখন শুকুৱাব পাৰে। ই শৰীৰৰ পৰা প্ৰাকৃতিক তেল আঁতৰাই পেলায়। আমাৰ সকলোৰে বাবে এই প্ৰাকৃতিক তেল অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও ই ইমিউন বুষ্টাৰ হিচাপেও কাম কৰে। বিজ্ঞানৰ মতে এই তেলে আপোনাক আৰ্দ্ৰতা নোহোৱা কৰি ৰখাৰ লগতে ছালখন সুৰক্ষিত কৰি ৰখাত সহায় কৰে।
আমেৰিকান ইউনিভাৰ্চিটিৰ ইউটা বিশ্ববিদ্যালয়ৰ জেনেটিক্স চাইন্স চেণ্টাৰৰ এক অধ্যয়ন অনুসৰি, “অত্যধিক গা ধোৱাৰ ফলত মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কমি যায়। বীজাণু আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা দুৰ্বল হৈ পৰে। অত্যধিক গা ধোৱাৰ ফলত খাদ্য হজম কৰাৰ ক্ষমতা আৰু তাৰ পৰা ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান উলিয়াব পৰা ক্ষমতাও ক্ষতিগ্ৰস্ত হয়।”