• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 6:04 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Covid-19ৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এগৰাকী বিদ্যালয়ৰ অধ্যক্ষৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ।

মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ খণ্ড বিচাৰপীঠে ৪ ছেপ্টেম্বৰত এক ৰায়দানত স্পষ্ট কৰি দিছিল যে প্ৰধান শিৱনাথ প্ৰসাদৰ মৃত্যু Covid কৰ্তব্যৰত অৱস্থাত সংক্ৰমণৰ বাবেই হৈছে।

কি হৈছিল?

১৯৯৩ চনত সহকাৰী শিক্ষক হিচাপে দিল্লী চৰকাৰত যোগদান কৰা শিৱনাথ প্ৰসাদে মৃত্যুৰ সময়ত নিথাৰী এম চি ডি প্ৰাথমিক বালক বিদ্যালয়ৰ অধ্যক্ষ আছিল।

২০২০ চনত দিল্লী চৰকাৰে এক বিশেষ আঁচনি আৰম্ভ কৰিছিল, য’ত কোৱা হৈছিল যে যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে Covid কৰ্তব্যৰত অৱস্থাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ পৰিয়ালক মৰণোত্তৰভাৱে ১ কোটি টকা এক্স-গ্ৰেটিয়া ক্ষতিপূৰণ দিয়া হ’ব।

অভিযোগ অনুসৰি, ২০২১ চনৰ এপ্ৰিল মাহত শিৱনাথ প্ৰসাদক Covid সম্পৰ্কীয় কৰ্তব্যত নিযুক্তি দিয়া হৈছিল।সেই মাহৰ ২৪ তাৰিখে তেওঁ আক্ৰান্ত হৈছিল আৰু মাত্ৰ চাৰি দিনৰ পাছত, ২৮ এপ্ৰিলত মৃত্যুবৰণ কৰিছিল।

শিৱনাথ প্ৰসাদৰ পত্নীয়ে যেতিয়া ক্ষতিপূৰণৰ বাবে আৱেদন কৰিছিল, তেতিয়া শিক্ষা বিভাগৰ উপ-সঞ্চালকে ফাইলত থকা ‘কিছুমান আপত্তি’ৰ উল্লেখ কৰি আবেদন নাকচ কৰিছিল। পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও একক বিচাৰপীঠেও আবেদন নাকচ কৰে।

অৱশ্যে ২০২৩ চনৰ এপ্ৰিল মাহত বিভাগীয় বিচাৰপীঠে বিদ্যালয়ৰ অধ্যক্ষৰ এখন পত্ৰ পৰীক্ষা কৰিছিল, য’ত স্পষ্টকৈ লিখা আছিল যে শিৱনাথ প্ৰসাদ Covid কৰ্তব্যত আছে আৰু ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো জড়িত আছিল।

এই তথ্যৰ ভিত্তিত আদালতে কয় যে তেওঁৰ মৃত্যু সেই কৰ্তব্য পালনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

আদালতৰ বাৰ্তা

আদালতে লক্ষ্য কৰিলে যে এনে কল্যাণমূলক নীতি অত্যধিক কঠোৰ বা নিখুঁত হ’ব নালাগে। বৰঞ্চ নীতিৰ আঁৰৰ মূল উদ্দেশ্য অৰ্থাৎ পৰিয়ালটোক সকাহ দিয়াটোক অগ্ৰাধিকাৰ দিয়া উচিত।

উক্ত অধ্যক্ষ শিৱনাথ প্ৰসাদৰ পত্নীক পাবলগীয়া ক্ষতিপূৰণৰ ধন আঠ সপ্তাহৰ ভিতৰত দিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিয়ে আদালতে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ধন পৰিশোধ নকৰিলে চৰকাৰে বছৰি ৬ শতাংশ সুতৰ লগতে ধন পৰিশোধ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

September 6, 2025 6:51 pm
ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 6, 2025 6:04 pm
ভাৰতত কোনো হিন্দু বিদেশী নহয়! দিলীপ শইকীয়াৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যত

ভাৰতত কোনো হিন্দু বিদেশী নহয়! দিলীপ শইকীয়াৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যত

September 6, 2025 5:56 pm
ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…

ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…

September 6, 2025 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

September 6, 2025 6:51 pm
ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 6, 2025 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd