NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ মাজুলীৰ উপায়ুক্তৰ

August 17, 2018 1:00 pm · মিটু খাটনিয়াৰ
Updated: August 17, 2018 1:01 pm

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানত দেশৰ বিভিন্ন প্রান্তৰ লোকৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

সমগ্ৰ দেশবাসীৰ অন্তৰ জয় কৰা মহান ৰাষ্ট্ৰনেতাগৰাকীৰ প্ৰতি মাজুলী জিলা প্ৰশাসনৰ লগতে মাজুলীবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপায়ুক্ত মিশ্ৰই এক শোক-বাৰ্তাত কয়, ‘সমকালীন ভাৰতৰ সৰ্বজন শ্ৰদ্ধেয় ৰাষ্ট্ৰনেতা, দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ, ভাৰত মাতাৰ মহান সন্তান অটল বিহাৰী বাজপেয়ীৰ বিয়োগৰ বতৰাই আমাৰ সকলোকে শোকস্তব্ধ কৰি তুলিছে’।

তেওঁ লগতে কয় যে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটলজী এগৰাকী বিচক্ষণ ৰাজনীতিকেই নাছিল, তেখেত আছিল এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতা। ভাৰতৰ ইতিহাস, সমাজ জীৱন আৰু ভাৰতীয় দৰ্শন সম্পৰ্কে সুগভীৰ জ্ঞানৰ অধিকাৰী এইগৰাকী মহান ভাৰত-সন্তানক দেশবাসীয়ে এগৰাকী বিশিষ্ট কবি ৰূপেও চিৰদিন মনত ৰাখিব।

‘এক নিষ্কলুষ, পৰিচ্চন্ন ৰাজনৈতিক সত্বা হিচাপে প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰতে শ্ৰদ্ধা ভৰা নিগাজী স্থান সদায়ে দখল কৰি থাকিব বাগ্মী পুৰুষ অটলজীয়ে। এইগৰাকী ৰাষ্ট্ৰনেতাৰ বিয়োগত দেশে এগৰাকী মহান ব্যক্তিত্বক হেৰুৱালে। মাজুলীবাসী আৰু মাজুলী জিলা প্ৰশাসনৰ হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো’। এইদৰে শোকবাৰ্তাৰ জৰিয়তে মাজুলীৰ উপায়ুক্তগৰাকীয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Related News