NORTHEAST NOW (Assamese)

টংলাৰ দুই কিশোৰ ছাত্ৰৰ নৃশংস হত্যাৰ ঘটনাত গভীৰ উদ্বেগ ডিৱাইএফআইৰ

December 21, 2024 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 21, 2024 7:40 pm

টংলাৰ যোপুখুৰীৰ নৃশংস হত্যাৰ বলি হোৱা দুই কিশোৰৰ প্ৰতি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। এনে নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰি ইয়াৰ লগত জড়িত ব্যক্তিসকলক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত ডি ৱাই এফ আইয়ে দাবী জনাইছে।

১২ আৰু ১৪ বছৰীয়া  দুই কিশোৰ ছাত্ৰৰ নাৰকীয় হত্যাই ৰাজ্যৰ সকলো অংশৰ লোককে চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে। এই ঘটনাই ৰাজ্যখনত আইন-শৃখলাজনিত পৰিস্থিতিৰ চৰম অৱনতিকে স্পষ্টভাৱে প্ৰকাশ কৰিছে। ৰাজ্যখনত প্ৰায় প্ৰতিদিনে ঘটি থকা হত্যা-ধৰ্ষণ আৰু অপহৰণৰ ঘটনাই আইন-শৃংখলা পৰিস্থিতিৰ অধপতন আৰু সামাজিক স্খলনৰ দিশকে প্ৰতিফলিত কৰিছে। চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা আৰু সামাজিক সুস্থিৰতা বোজাই ৰখাৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াবহ বিপদৰ পৰা সমাজখনক ৰক্ষা কৰিব পৰা নাযাব।

ডি ৱাই এফ আইয়ে আৰক্ষীৰ অধিক তৎপৰতাৰে এই ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰা, আইন-শৃংখলাৰ ৰক্ষা কৰা আৰু সামাজিক সুস্থিৰতাৰ বাবে চৰকাৰে ব্যাপক পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে। ছাত্ৰ-ছাত্ৰীৰ লগতে কোনো লোকেই যাতে বাটে-ঘাটে হত্যাৰ বলি হবলগীয়া নহয় তাৰ নিশ্চয়তা প্ৰদান কৰক।

Related News