কেনেদৰে চলিছে অসমৰ শিক্ষা ব্যৱস্থা? বিৰোধীৰ সুৰতেই শিক্ষামন্ত্ৰীয়েও মানি ল’লে ব্যৰ্থতা!

পূৰ্বৰ ‘সফল’ শিক্ষামন্ত্ৰী আজি মুখ্যমন্ত্ৰী হ’ল; পিচে, চৰকাৰী শিক্ষাৰ মানহে উন্নত নহ’ল

Education in Assam

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা কেনেদৰে চলিছে? কেইবা হাজাৰো শিক্ষকৰ পদ খালী। বিৰোধীয়ে ইয়াকে লৈ পূৰ্বৰে পৰা অভিযোগ কৰি আহিছিল যদিও এইবাৰ শাসক পক্ষৰ পৰাই উঠিল প্ৰশ্ন।

তাৎপৰ্যপূৰ্ণভাৱে এই অভিযোগ মানি লৈছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

বিধানসভাত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জনায় যে মাধ্যমিক পৰ্যায়ত প্ৰশিক্ষিত শিক্ষকৰ অভাৱতেই শিক্ষাদান বাধাগ্ৰস্ত হৈছে।

তেওঁ জানিবলৈ দিয়া মতে অসমত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত যিমানখিনি শিক্ষক আছে তাৰ ভিতৰত প্ৰশিক্ষিত শিক্ষক হৈছে মাত্ৰ ৩৮শতাংশ।

শাসক পক্ষৰ বিধায়ক মৃণাল শইকীয়াই অভিযোগ উত্থাপন কৰি কয় যে শিক্ষক নিযুক্তি নোহোৱাৰ ফলত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত উপযুক্ত শিক্ষাদান হৈ উঠা নাই। আৰু ইয়াৰ বাবেই অভিভাৱকসকলে এতিয়া ব্যক্তিগত বিদ্যালয়ৰ পিনে ঢাপলি মেলিছে।

বিজেপি মিত্ৰজোঁট ইউপিপিএলৰ গোবিন্দ বসুমতাৰীয়েও শিক্ষাৰ ক্ষেত্ৰত পাছ পৰি থকাক লৈ প্ৰশ্ন উত্থাপন কৰে।

ৰাজ্যৰ শিক্ষা বিভাগত ২২হাজাৰ ৯২১ টা খালী পদত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত ১০ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ বাবে আৰু বাকীখিনি মাধ্যমিক পৰ্যায়ৰ বাবে।

এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে সদৰী কৰে যে ৰাজ্যৰ শিক্ষা বিভাগত ৫০হাজাৰৰো অধিক পদ খালী হৈ আছে আৰু ইয়াৰে বেছিভাগেই শিক্ষকৰ পদ। গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপকৰ পদ খালী থকাৰ কথা উল্লেখ কৰি ইছলামে দাবী কৰে যে চুবুৰীয়া ৰাজ্যসমূহৰ শিক্ষাৰ হাৰ অসমতকৈ বহু ভাল।

আনহাতে, কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে শিক্ষা বিভাগৰ কাম মানৱ সম্পদ গঢ়া যদিও এই বিভাগটোতেই কাম কৰা লোকৰ অভাৱ বুলি কটাক্ষ কৰে।

ইপিনে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰক সমালোচনা কৰাৰ লগতে দাবী কৰে যে অসমত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি।

তেওঁ উল্লেখ কৰে যে মাধ্যমিক পৰ্যায়ত দেশত ড্ৰপ আউটৰ হাৰ ১৬.১শতাংশ যদিও অসমত এই হাৰ ৩২.৩ শতাংশ। ৰাজ্যখনত উপযুক্ত শিক্ষক নথকাৰ বাবেই বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি তেওঁ কয়।

ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক লৈ বিগত বহু বছৰ ধৰি কেবল পৰীক্ষা-নিৰীক্ষা কৰি অহা হৈছে যদিও বাস্তৱক্ষেত্ৰত তাৰ কোনো সুফল দেখা যোৱা নাই।

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী বিগত সময়ত দীঘলীয়া সময়ৰ বাবে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এগৰাকী ‘সফল’ শিক্ষামন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটী কৰা নাছিল।

কিন্তু দৰাচলতে বাস্তৱ ছবিখনে অসমৰ শিক্ষা ব্যৱস্থাৰ যি স্বৰূপ দাঙি ধৰে সেয়া কোনো পধ্যেই সফলতাৰ মাত্ৰাৰে জুখিব নোৱাৰি।

বৰ্তমান অসমৰ শিক্ষাৰ মান যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত বহু পিছ পৰি আছে সেই কথা নিশ্চিত হোৱাৰ পাছত চৰকাৰে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে কি পদক্ষেপ ল’ব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

অৱশ্যেই গুণোৎসৱ নহয়, সকলোৰে বাবে গুণগত শিক্ষাহে সময়ৰ দাবী।