সুখবৰ! : EMI স্থগিতকৰণৰ ম্যাদ ২ বছৰ বৃদ্ধি কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ

SC rejects review petition by six opposition ruled states seeking postponement of NEET and JEE exams

ঋণ পৰিশোধ কৰিবলৈ থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে! বেংকৰ ঋণ পৰিশোধৰ স্থগিতকালৰ ম্যাদ আৰু দুবছৰ বাবে বৃদ্ধি হ’ব পাৰে!

ইতিমধ্যে কেন্দ্ৰ চৰকাৰে এই সম্পৰ্কে এক সিদ্ধান্ত গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

অহা বুধবাৰে(কাইলৈ) উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে।

মংগলবাৰে কেন্দ্ৰ আৰু ৰিজাৰ্ভ বেংকৰ হৈ চলিচিটেৰ জেনেৰেল তুষাৰ মেহতাই ঋণ ম’ৰেট’ৰিয়াম(Moratorium period) বা EMI পৰিশোধ আগন্তুক দুবছৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কথা জনাই সৰ্বোচ্চ ন্যায়ালয়ত এই সম্পৰ্কে এক আবেদন দাখিল কৰিছে।

“আগন্তুক দুবছৰৰ বাবে ঋণ ম’ৰেট’ৰিয়াম বা EMI স্থগিত ৰখা হ’ব পাৰে। মহামাৰীৰ পৰিস্থিতিত কোনবোৰ ছেক্টৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই দিশটো চৰকাৰে পৰ্যবেক্ষণ কৰি আছে।” তুষাৰ মেহতাই কয়।

ইফালে ঋণ পৰিশোধ দুবছৰলৈ স্থগিত ৰখাৰ সময়ছোৱাত EMIৰ ওপৰত বেংকসমূহে সুদ সংগ্ৰহ কৰিব পাৰিব নে নাই সেই কথা কেন্দ্ৰই এতিয়াও স্পষ্ট কৰাৰ লগতে ন্যায়ালয়তো বিস্তাৰিতভাৱে দাখিল কৰিব পৰা নাই।

বুধবাৰে এই সন্দৰ্ভত দুয়োপক্ষৰে বক্তব্য দেশৰ শীৰ্ষ আদালতে শুনিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, লকডাউনৰ সময়ত জনসাধাৰণৰ দুৰ্ভোগ হ্ৰাস কৰিবলৈ বেংকসমূহক EMI সংগ্ৰহ কৰা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে।

লকডাউন অব্যাহত থকাৰ সময়তে যোৱা ২৭ মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকাম দাসে এই ঘোষণা কৰিছিল।

এই ঘোষণাৰ ফলত দেশৰ কোটি কোটি ঋণ পৰিশোধকাৰীয়ে কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও তাৰ কিছুদিনৰ পিছতে ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী খণ্ডৰ বেংকসমূহে EMIৰ ওপৰতো সুদ ধাৰ্য কৰে।

ফলত ঋণগ্ৰস্ত লোকসকলৰ দুৰ্ভোগ অধিক হোৱাৰহে পৰিলক্ষিত হয়। ইয়াৰ পিছতে কেন্দ্ৰই বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।