আজিও ঘোষণা নহ’ল ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘লাট মণ্ডল’ৰ পৰীক্ষাৰ ফলাফল, নিৰাশ প্ৰাৰ্থী

jarip

অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰি ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস দিছে। কিন্তু একে সময়তে চৰকাৰৰ এটা বিভাগৰ হেমাহিৰ বাবে চাকৰিৰ আবেদনৰ যোগ্যতা লাভৰ পৰা বঞ্চিত হৈ আছে বহু যুৱক-যুৱতী। অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই প্ৰাৰ্থীৰ প্ৰশিক্ষণৰ পাছত বিগত ৯ মাহ ধৰি ফলাফল ঘোষণা তথা প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ বাবে এতিয়া বিমোৰত পৰিছে প্ৰাৰ্থীসকল। বিগত ২০২০ চনৰ ৬ অক্টোবৰতে ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিং (কাউন্সিল বেটছ), ২০১৯-২০২০’ সাধাৰণ অৰ্থত ‘লাট মণ্ডল’ৰ প্ৰশিক্ষণ তথা পৰীক্ষা সমাপ্ত হৈছিল।

মূলতঃ বি টি আৰ আৰু ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদীয় অঞ্চলৰ প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণত মুঠ ৯৯ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ ফলাফল ঘোষণা কৰা নাই বিভাগ তথা প্ৰশিক্ষণ কেন্দ্ৰটোৱে। যাৰ বাবে বিগত কেইমাহমানত অসমৰ বিভিন্ন জিলাত লাট মণ্ডলৰ খালী পদ পুৰণৰ বাবে প্ৰক্ৰিয়া চলিছে যদিও তাত আবেদনৰ পৰা বঞ্চিত হৈছে এইসকল প্ৰাৰ্থী।

ইপিনে গুৱাহাটীৰ দক্ষিণগাঁওস্থিত জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ হেমহিৰ বাবেই ২০১৯-২০২০ বৰ্ষৰ ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিঙ ৰ এই ফলাফল প্ৰকাশ পোৱা নাই বুলি অভিযোগ কৰিছে একাংশ প্ৰাৰ্থীয়ে।

এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি এগৰাকী প্ৰাৰ্থীয়ে নৰ্থ-ইষ্ট নাওক কয়, ‘জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষই ইচ্ছাকৃতভাবেই এই ফলাফল প্ৰকাশ নকৰাকৈ এইদৰে ৰখাই থৈছে। আমি তেওঁক কেইবাবাৰো অনুৰোধ জনাইছিলো যদিও তেওঁ কোনো গুৰুত্ব দিয়া নাই। আনকি কিছুদিন পূৰ্বে বিভিন্ন স্থানৰ পৰা আহি গোট খোৱা ভালেসংখ্যক প্ৰাৰ্থীয়ে অধ্যক্ষক লগ কৰি বিষয়টো সন্দৰ্ভত জানিব বিচাৰিছিলো, কিন্তু তেওঁ আমাক লগ কৰাৰ সুযোগ দিয়াৰ পৰা বিৰত থাকিল।’

আন কেইবাগৰাকীও প্ৰাৰ্থীয়ে আমাক জনায় যে যোৱা মাহকেইটাত লখিমপুৰ, ধেমাজী, যোৰহাট, বৰপেটা, মৰিগাঁওকে আদি কেইবাখনো জিলাৰ সৰ্বমুঠ প্ৰায় ১০০ টা লাট মণ্ডলৰ পদ পুৰণৰ বাবে আবেদন বিচৰা হৈছিল যদিও তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নথকাৰ বাবে এই আবেদন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

ইপিনে এই ফলাফল প্ৰকাশ নকৰা সন্দৰ্ভত ভূমি অভিলেখ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক ৰণবীৰ বৰাৰ সৈতে যোগাযোগ কৰাত তেওঁ বিষয়টো সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে।  অতিৰিক্ত সঞ্চালকগৰাকীয়ে কয়, ‘এতিয়ালৈ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিং (কাউন্সিল বেটছ), ২০১৯-২০২০’ ৰ ফলাফলৰ তথ্য আমাৰ ওচৰলৈ অহা নাই।

জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষই প্ৰাৰ্থীসকলৰ ফলাফল যুগুত কৰে আৰু ‘কাউন্টাৰ চিগনেচাৰ’ৰ বাবে ভূমি অভিলেখ সঞ্চালকৰ ওচৰলৈ পঠিয়াব লাগে। কিন্তু কেন্দ্ৰৰ অধ্যক্ষৰ ফালৰ পৰা এই ফলাফলৰ তথ্য এতিয়ালৈ সঞ্চালকালয়লৈ অহা নাই।’

নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা ‘জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ সৈতে ফোনযোগে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় যদিও তেওঁ আমাৰ ফোন কল ৰিচিভ কৰা নাই।

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত বিজেপি চৰকাৰে দিয়া ১ লাখ নিবনুৱাৰ চাকৰিৰ আশ্বাসে বহুতৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে নিবনুৱা বঞ্চিত হ’বলগীয়া কথা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।

গতিকে এই বিষয়টো বিভাগীয় মন্ত্ৰী তথা বিভাগটোৰ শীৰ্ষ বিষয়াসকলে কিধৰণেৰে গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।