• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পঠালে ওভতাই; ৰাইজে পৰিয়ালক কৰিলে কোৱাৰেন্টাইন

নীলমনি শর্মা by নীলমনি শর্মা
June 29, 2020 7:20 am
Coronavirus-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

32.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰত চৰকাৰে কোভিড-১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ১৪ দিনীয়া লকডাউন ঘোষণা কৰাৰ লগে লগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে একাংশ লোকে নিজ গৃহলৈ ঢাপলি মেলিছে।

বিগত দুটা দিন ধৰি গুৱাহাটীৰ পৰা গোৱালপাৰা,বঙাইগাঁও,ধুবুৰী, মানকাচৰ আদিলৈ বাছৰে আহিছে শ শ লোক ৷

গণ সংক্ৰমণ ঘটা গুৱাহাটীৰ পৰা বাছৰে অহা এই লোক সকলে বাছৰ ভিতৰতো গ্ৰহণ কৰা নাই সামাজিক দূৰত্বৰ নিয়ম।

ইপিনে, গুৱাহাটীৰ পৰা অহা এই লোকসকলে গাৱঁসমূহত  প্ৰবেশ কৰাৰ পিছতে এই অঞ্চল সমূহতো গুৱাহাটীৰ দৰে কোভিড-১৯ ৰ গণ সংক্ৰমন হোৱাৰ আশংকা কৰিছে একাংশ লোকে ৷

কিয়নো গণ সংক্ৰমিত এলেকাৰ পৰা অহা এই সকল লোকৰ কোনো স্বাস্থ্য পৰীক্ষা কৰা নাই ৷

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি গুৱাহাটীত লকডাউন ঘোষণাৰ পিছতে নিজ গৃহলৈ বুলি অহা এগাৰাকী মহিলাসহ দুই সন্তানক গণ সংক্ৰমণৰ আশংকাত ৰাতিটো ৰাখি পুৱাই পুনৰ গুৱাহাটীলৈ পঠাই দিয়াৰ এক খবৰ আহিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পৰা শনিবাৰে বিয়লি কৃষ্ণাইৰ টকুৰাৰ নিজ ঘৰত  দুই সন্তান সহ এগৰাকী মহিলা উপস্থিত হোৱাৰ খবৰ লাভ কৰি স্থানীয়লোকে আশা কৰ্মীক খবৰ দিয়ে।

আশা কৰ্মী গৰাকীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ আহা লোক কেইজনক হোম কোৱাৰেন্টাইন কৰাৰ পৰামৰ্শ দি গুচি যায় ৷

ইপিনে, পৰিয়ালৰ মুৰব্বীয়ে হোম কোৱাৰেন্টাইন হোৱাৰ ভয়ত মহিলা সহ দুই সন্তানক ৰাতিপুৱাই পুনৰ গুৱাহাটীলৈ ওভতাই পঠায় ৷

ঘটনাৰ সবিশেষ জানিব পাৰি স্থানীয় একাংশ লোক অঞ্চলটোত গণ সংক্ৰমণ হব পাৰে বুলি চিন্তিত হৈ পৰে।

অৱশ্যে গুৱাহাটীৰ পৰা অহা লোকসকলে যিহেতু এটা ৰাতি পৰিয়ালৰ সতে অতিবাহিত কৰিলে সেই কাৰনে স্থানীয়লোকে পৰিয়ালটোক নিজাববীয়াকৈ ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰে৷

গুৱাহাটীৰ পিছতে ৰাজ্যৰ অন্যপ্ৰান্তত গণ সংক্ৰমণৰ আশংকাত ৰাইজ চিন্তিত হোৱা পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকসকলক স্বাস্থ্য বিভাগ অথবা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই ৷

Tags: COVID-19

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd