বোকাখাত মহকুমাৰ পঞ্চায়ত নির্বাচনৰ চূড়ান্ত প্রার্থী তালিকা প্রকাশ; এজনৰ মনোনয়ন বাতিল

Panchayat-768x442

প্ৰতিনিধিত্বমূলক ছবি

বোকাখাত মহকুমাৰ অন্তৰ্গত ৪ টা জিলা পৰিষদ, ২০ টা গাওঁ পঞ্চায়তৰ সভাপতি , ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্য তথা ২০০ টা গাওঁ পঞ্চায়তৰ সদস্য পদৰ বাবে প্রতিদন্দ্বিতা কৰিবলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা আজি প্রকাশ পাইছে । মনোনয়নপত্র দাখিলৰ অন্তিম দিনা মহকুমাটোৰ চাৰিটা জিলা পৰিষদৰ চাৰিটা সদস্য পদৰ বাবে মুঠ ১৪ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাচত আজি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৰঙামাটি জিলা পৰিষদৰ সদস্য পদৰ নির্দলীয় প্রার্থী দেৱেন ভূঞাই তেওঁৰ মনোনয়নপত্ৰ প্রত্যাহাৰ কৰিছে ।

ইয়াৰ পাচত বোকাখাত মহকুমাৰ চাৰিটা জিলা পৰিষদৰ পদত মুঠ ১৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ ইফালে বোকাখাত মহকুমাৰ ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিপৰীতে ৬২ জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে আৰু এজনেও মনোনয়ন পত্র প্রত্যাহাৰ বা এজনৰো মনোনয়নপত্ৰ নাকচ হোৱা  নাই ।

আনহাতে মহকুমাটোৰ ২০ টা গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বিপৰীতে মুঠ ৬৫ জনে মনোনয়ন পত্র দাখিল কৰিছিল যদিও ৰজাবাৰী গাওঁ পঞ্চায়তৰ নিৰ্দলীয় প্রার্থী প্ৰেমিলা দেবী ৰাজখোৱাৰ মনোনয়ন পত্র নাকচ হোৱাৰ লগতে মৰিধনশিৰি গাওঁ পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দলেই তেওঁৰ মনোনয়নপত্ৰ প্রত্যাহাৰ কৰিছে । মহকুমাটোৰ ২০০ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বাবে মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে ২০২ গৰাকী অগপৰ,  ১৯৮ গৰাকী বিজেপিৰ , ১৯৭ গৰাকী কংগ্ৰেছৰ আৰু ২৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছিল৷

আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা বাদুলীপাৰ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ধীৰেণ ৰজক,  ৰঙামাটি পঞ্চায়তৰ ৩ নং বাৰ্ডৰ অগপৰ প্ৰাৰ্থী কমলা ৰবিদাস আৰু দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ অগপ প্ৰাৰ্থী যোগশ মুণ্ডাই মনোনয়ন উঠাই লোৱাৰ পাচত মহকুমাটোত মুঠ ৬২০ গৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ড সদস্যৰ বাবে প্ৰতিদন্দ্বিতা কৰিব৷