• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ : আৰু এখোজ আগুৱালে অখিল গগৈৰ সপোনৰ শিৱসাগৰে

অখিল গগৈ by অখিল গগৈ
April 24, 2023 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসংগ— ৰংঘৰ প্ৰকল্প।

মুখ্যমন্ত্ৰীৰে শিৱসাগৰ জিলাৰ বিধায়কসকলৰ হোৱা বৈঠকৰ ফলাফলসমূহ:

১) ৰংঘৰৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পও হ’ব । বৃহৎ প্ৰকল্প হ’ব বুলি বৈঠকত ঘোষণা। উল্লেখযোগ্য যে ১২৪ কোটি টকাৰে ৰংঘৰ প্ৰকল্প লোৱা হৈছে আৰু প্ৰায় ৩৩ কোটি টকা মাটি অধিগ্ৰহণত ব্যয় হৈছে।

২) শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মানি লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা— শিৱসাগৰত এটা বিমান বন্দৰ নিৰ্মাণ হ’ব । কেন্দ্ৰলৈ পঠিয়াব প্ৰস্তাৱ। মাটি চাবলৈ মুখ্যমন্ত্ৰীৰ ডিচিক নিৰ্দেশ।

৩) ৰংঘৰ–তলাতল ঘৰৰ মাজত নতুন পথ হ’ব , হেৰিটেজ ৱাক হ‘ব গ্ৰীন ক’ৰিড’ৰ হ’ব।(অথবা ৰ’পৱে হ’ব।

৪) ৰংঘৰৰ সন্মুখৰ পথটো বহল হ’ব। তদুপৰি মুখ্যমন্ত্ৰীক ঐতিহাসিক শিৱসাগৰৰ পথবোৰ বহলকৰণৰ আৰু নলা–নৰ্দমা নিৰ্মাণৰ প্ৰস্তাৱ দিলে বিধায়ক অখিল গগৈয়ে।

৫) ৰংঘৰত হ’ব লাইট এণ্ড চাউণ্ড শ্ব’। তদুপৰি দিনটোৰ ২৪ ঘণ্টাই প্ৰদৰ্শিত হ’ব আন্তঃৰাষ্ট্ৰীয় মানৰ অসম বুৰঞ্জী সম্পৰ্কীয় ডকুমেণ্টৰী। তাৰবাবে ৰংঘৰ প্ৰকল্পত বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি অতিৰিক্তভাৱে স্থাপন হ’ব অত্যাধুনিক প্ৰেক্ষাগৃহ।

৬) ৰংঘৰ প্ৰকল্পৰ ৩০০০ জন দৰ্শক বহিব পৰা মূল এম্পিথিয়েটাৰটো থাকিবই; কিন্তু বিধায়ক গগৈৰ প্ৰস্তাৱ অনুসৰি অত্যাধুনিক ৰঙ্গমণ্চ এখন স্থাপন হ’ব। তাত থলুৱা বিভিন্ন জনগোষ্ঠীৰ নিজ নিজ লোক কৃষ্টি দিন–ৰাতি প্ৰদৰ্শন চলি থাকিব, বিহু দিনভৰ চলিব, হ’ব তাই নৃত্যৰ প্ৰদৰ্শন।

৭) ৰংঘৰ প্ৰকল্পৰ মূল “আৰ্টিজান ভিলেজ”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মৰ্মে ব্যাপক হ’ব। ঘৰবোৰ বিভিন্ন জনগোষ্ঠীৰ ঘৰৰ আৰ্হিৰ হ’ব।তাত বিভিন্ন জনগোষ্ঠীৰ তাঁত শালত শিপিনীয়ে তাঁত বৈ থাকিব। বস্ত্ৰ শিল্পৰ এটা মিউজিয়াম হ’ব।

৮) মূল ৰংঘৰ প্ৰকল্পৰ “ফুড কৰ্ট”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি সম্পূৰ্ণ বদলি যাব। এতিয়া ম’ম’, চাওমিন আদিৰ দৰে পোৱা আধুনিক ৰেষ্টুৰেণ্ট থাকিব যদিও আমাৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ বহু ষ্টল হ’ব; ঘৰবোৰো থলুৱা আৰ্হিৰ হ’ব।

৯) গেষ্ট হাউচটো বিধায়কজনৰ প্ৰস্তাৱ অনুসৰি পূৰ্বতকৈ বৃহৎ হ’ব। কিন্তু এতিয়া G+2 ৰ নহ’ব, হ’ব জি+১। কাৰণ নহ’লে ৰংঘৰতকৈ ওখ হৈ যাব। অখিল গগৈৰ দাবী আছিল ৰংঘৰতকৈ ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ ওখ কৰিব নোৱাৰিব।আনকি ৱাটচ টাৱাৰো ৰংঘৰতকৈ চাপৰ হ’ব। মুখ্যমন্ত্ৰীয়ে মানি লৈছে।

১০) ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ বা ষ্ট্ৰাক্সাৰৰ ডিজাইন ৰংঘৰৰ দৰে হ’ব নোৱাৰিব— অখিল গগৈৰ দাবী। ৰংঘৰত ডুপ্লিকেট ৰংঘৰ নালাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মূল ডিজাইন সলাই আন আহোম স্থাপত্ত্যৰ আৰ্হিত কৰা হওক।

১১) মূল ডিজাইনতকৈ ষ্টাফ কোৱাৰ্টাৰ অধিক কৰ্মচাৰী ৰাখিব পৰাকৈ ডাঙৰ কৰা হ’ব।

১২) ব’ট হাউচটোৰ প্লাষ্টিকৰ পেডেল ব’ট সলনি কৰি অসমৰ পৰম্পৰাগত নাওঁ দিবলৈ সিদ্ধান্ত। ব’ট হাউচৰ আৰ্হিটো অসমৰ নাওঁ ঘাটৰ কৰিবলৈ প্ৰস্তাৱ।

১৩) ৰংঘৰ প্ৰকল্পৰ কেন্দ্ৰত স্বৰ্গদেউ চুকাফা, প্ৰমত্ত সিংহ, ৰূদ্ৰসিংহ, সতী জয়মতী,লাচিত বৰফুকন আদিৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ। সমিতিয়ে সিদ্ধান্ত ল’ব।

১৪) কিন্তু ৰংঘৰ প্ৰকল্পৰ ভিতৰতে অন্য ঠাইত বীৰ চিলাৰায়, নৰনাৰায়ণ, অন্যান্য গুৰুত্বপূৰ্ণ ৰজাৰ ছবি, সতী সাধনী, মৰাণসকলৰ ৰজা আদিৰ ছবি ৰাখিবলৈ প্ৰস্তাৱ। কাৰ কাৰ মূৰ্তি অথবা ছবি ৰাখিব তাৰ সিদ্ধান্ত ল’বলৈ বিশেষজ্ঞ সমিতি থাকিব।

১৫) শিৱসাগৰ নগৰৰ প্ৰৱেশ পথত দুখন হেৰিটেজ ৱেলকাম গেট স্থাপন; এখন ভতিয়াপাৰত আনখন দৰিকাপাৰত।

১৬) জয়মতীৰ ফাকুৱা দ’লৰ পানী নিস্কাষণৰ বাবে প্ৰস্তুত কৰা estimateত সন্মতি প্ৰদান।

১৭) শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, পুৰণি পুখুৰী আৰু ন পুখুৰী চাফা কৰি desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।

১৮) যমুনা চাফা কৰা আৰু desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।

১৯) ৰংঘৰ প্ৰকল্পৰ গেট আৰু ৰংঘৰৰ গেট পৃথক হ’লে হ’ব পৰা অসুবিধা উত্থাপন।পৰাপক্ষত ৰংঘৰৰ আগফালেৰেহে পৰ্যটক প্ৰৱেশৰ প্ৰস্তাৱ।

২০) ৰংঘৰ প্ৰকল্পৰ নামত যাতে ৰংঘৰৰ গুৰুত্ব হ্ৰাস নাপায়, ঐতিহ্য ম্লান নহয়, গৰিমাত আঘাত নপৰে তাৰবাবে নিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপন। অখিল গগৈৰ দাবী—– ৰংঘৰ প্ৰকল্পৰ অভিকেন্দ্ৰ হ’ব লাগিব কেৱল ৰংঘৰ; ৰংঘৰৰ গৰিমা হ্ৰাস কৰা কোনো আৰ্হি, কোনো আধুনিক গৃহ নিৰ্মাণ মানি লোৱা নহ’ব। মুখ্যমন্ত্ৰীৰ সন্মতি প্ৰকাশ।

এই বৃহৎ ঘোষণাসমূহ কৰা বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে।

অখিল গগৈ

অখিল গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd