NORTHEAST NOW (Assamese)

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ওলাল মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপ’ৰ্ট

June 25, 2020 6:52 am · এন ই নাও নিউজ
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়েই ইয়াক আত্মহত্যাৰ ঘটনা বুলি কৈছিল।

ইয়াৰ পাছত প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাতো সুশান্তৰ মৃত্যু আত্মহত্যা বুলিয়েই কোৱা হৈছিল।

এতিয়া আৰক্ষীৰ হাতত সুশান্তৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন আহি পৰিছে।

এই প্ৰতিবেদনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি যিহেতু সুশান্তে চিপ লৈছিল গতিকেই শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু হৈছিল।

অভিনেতাগৰাকীৰ বিচনাখনো কেমিকেল পৰীক্ষাৰ বাবে সযতনে ৰখা হৈছে।

জানিব পৰা মতে ইয়াৰ পূৰ্বে যি প্ৰভিজনেল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছিল তাত তিনিগৰাকী চিকিৎসকে স্বাক্ষৰ কৰিছিল।

আনহাতে, ফাইনেল ৰিপ’ৰ্টত পাঁচগৰাকী চিকিৎসকে স্বাক্ষৰ কৰে আৰু এই প্ৰতিবেদন প্ৰস্তুত কৰোতে বহুকেইটা দিশ পৰীক্ষা কৰি চোৱা হয়।

প্ৰতিবেদনত সুশান্তৰ দেহত কোনোধৰণৰ বাহিৰা আঘাতৰ চিন নাছিল। তেওঁৰ নখো একেবাৰে পৰিস্কাৰ আছিল।

মৰণোত্তৰ পৰীক্ষাত সুশান্তৰ মৃত্যু আত্মহত্যা বুলিয়েই কোৱা হৈছে। প্ৰতিবেদনত অভিনেতাগৰাকীৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱতাৰণা কৰা নাই।

ইপিনে, মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ তদন্তত কেইবাটাও দিশ উন্মোচন কৰিছে। প্ৰথমতে সুশান্তৰ মৃত্যুক প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ মৃত্যুৰ সৈতে সাঙুৰি চোৱা হৈছিল যদিও আৰক্ষীয়ে এতিয়া এনে কোনো সংযোগৰ কথা অস্বীকাৰ কৰিছে।

আৰক্ষীৰ তদন্তত এতিয়ালৈকে ২৩গৰাকী লোকক সোধপোছ কৰা হৈছে। অভিনেতাগৰাকীৰ চাৰ্টাৰ্ড একাউন্টেন্ট গৰাকীৰ ভাষ্যও লিপিবদ্ধ কৰা হৈছে।

আৰক্ষীয়ে এতিয়ালৈকে বান্ধৱী ৰিয়া চক্ৰৱৰ্তী, বিজনেছ মেনেজাৰ, পি আৰ কুশল জাবেৰিৰ দৰে লোকৰ ভাষ্য লিপিবদ্ধ কৰিছে।

Related News