বৰপেটাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমটো “ডিজিটেল ক্লাছ ৰুম” মুকলি; কুঁহিপাত পুথিভঁড়াল উদ্বোধন

Barpeta Digital classroom open.photo

বৰপেটাত ৰাজ্যৰ প্ৰথমটো প্ৰাথমিক বিদ্যালয়ৰ 'ডিজিটেল ক্লাছৰুম' আৰু কুঁহিপাত পুথিভঁৰাল উদ্বোধন কৰাৰ মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমটো  “ডিজিটেল ক্লাছ ৰুম” আজি  বৰপেটাত মুকলি কৰা হয় ৷ বৰপেটা চহৰৰ আগশাৰীৰৰ অন্যতম প্ৰাথমিক বিদ্যালয় ১১২২ নং বৰপেটা নাৰ্ছাৰী ও প্ৰাইমাৰী স্কুলত এই ডিজিটেল ক্লাছৰুমটো আজি আনুষ্ঠানিকভাবে মুকলি কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা) বিপুল শইকীয়াই ৷

ডিজিটেল ক্লাছৰুমটো মুকলি কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰি কয় যে,  ডিজিটেল ক্লাছৰুমটোৰ জৰিয়তে শিশুসকলৰ বৌদ্ধিক বিকাশৰ লগতে অন্যান্য বিষয়সমূহতো বিকাশ হ’ব ৷

ইপিনে আজিয়েই একেখন বিদ্যালয়তে “কুঁহিপাত পুথিভঁড়াল” নামৰ পুথিভঁড়ালটো আনুষ্ঠানিকভাবে উদ্বোধন  কৰে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৷ পুথিভড়ালটো উদ্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে,  বৰপেটাৰ “কুঁহিপাত পুথিভড়াল” আন্দোলনে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

নীতি আয়োগেও প্ৰশংসা কৰা বুলি উল্লেখ কৰি প্ৰথম অৱস্থাত জিলাখনৰ ১৫০ খন প্ৰাথমিক বিদ্যালয়ত “কুঁহিপাত পুথিভড়াল” গঢ়ি তোলা হ’ব বুলি তেওঁ সদৰী কৰে ৷ কণ কণ ল’ৰা ছোৱালীসকলক পঢ়াৰ প্ৰতি আগ্ৰহী কৰাত কুঁহিপাত পুথিভঁড়ালটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে আশা ব্যক্ত কৰে ৷

এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষা বিভাগৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে ৷