NORTHEAST NOW (Assamese)

১৩ ছেপ্তেম্বৰত শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য INDIA ৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক

September 10, 2023 4:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 10, 2023 4:24 pm

অহা ১৩ ছেপ্টেম্বৰত বিৰোধী মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব। এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠক। 

এই সমন্বয় সমিতিখন মিত্ৰজোঁটৰ বিভিন্ন দলৰ প্ৰতিনিধিৰে গঠিত হ’ব। উল্লেখ্য যে INDIA ৰ আহ্বায়ক নাথাকিলেও সমন্বয় সমিতিৰ বৈঠক পৰিচালনাৰ দায়িত্ব শৰদ পাৱাৰে লোৱা বুলি জানিব পৰা গৈছে। 

সূত্ৰ অনুসৰি এই বৈঠকত তিনিটা এজেণ্ডা আলোচনা কৰা হ’ব। প্ৰথমতে আসনৰ আপোচৰ আলোচনাৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’ব। আলোচনা কেনেকৈ হ’ব সেই বিষয়েও ৰূপৰেখা দাঙি ধৰা হ‘ব। দ্বিতীয়তে বিৰোধী মিত্ৰজোঁটৰ সাধাৰণ ইস্তাহাৰ প্ৰস্তুতকৰণৰ বিষয়ে দিনটোৰ বৈঠকত আলোচনা কৰা হ’ব। তৃতীয়তে, যৌথ ৰেলী বা কাৰ্যসূচীৰ তাৰিখ আৰু স্থান চূড়ান্ত কৰা হ’ব।

Related News