অপৰাধৰ হটস্পটলৈ পৰিণত হৈছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা আন এক হত্যাকাণ্ড।
এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ লাহোৱাল চেঙেলীজান চাহ বাগিচাত।
ঘটনা অনুসৰি স্বামীয়ে লাঠিৰে মৰিয়াই মৰিয়াই নিজৰ পত্নীক হত্যা কৰে। খবৰ অনুসৰি, শনিবাৰৰ সন্ধিয়াৰে পৰা নিজৰ পত্নীৰ লগত কাজিয়াত লিপ্ত হৈছিল পাষাণ স্বামী বীৰচা কৰ্মকাৰ।
এই কাজিয়াৰ ফলশ্ৰুতিতে বীৰচাই নিজৰ পত্নী হত্যা কৰি নিশাটো বিচনাত শুৱাই থয়। আনকি পুৱা পত্নীৰ মৃতদেহ সমুখত লৈ তৃপ্তিৰে আহাৰ গ্ৰহণ কৰে বীৰচাই।
ইয়াৰ পিছত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে চেঙেলীজান চাহ বাগিচাত চাঞ্চল্যই বিৰাজ কৰে৷ ঘটনাৰ খবৰ পাই ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে।
ইতিমধ্যে এই ঘটনাৰ গোচৰ ৰুজু কৰাৰ লগতে বীৰচা কৰ্মকাৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ঘোঁৰামৰা আৰক্ষীয়ে।





