• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : চাই লওঁক ভোটদানৰ সবিশেষ তথ্য

কোকিল শইকীয়া by কোকিল শইকীয়া
April 19, 2024 8:06 pm
872
VIEWS
Share on FacebookShare on Twitter

মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা দেশৰ সাধাৰণৰ নিৰ্বাচন(২০২৪)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথমটো পৰ্যায় আজি(১৯ এপ্ৰিল) ৫ বজাত সামৰণি পৰিল। 

প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ল দেশৰ মুঠ ১৭ খন ৰাজ্য আৰু ৪ খন কেন্দ্ৰীয় শাসিত অঞ্চলত। 

আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’ল – অৰুণাচল প্ৰদেশ, আন্দামান আৰু নিকোবৰ, অসম, বিহাৰ, ছত্তিশগড়, জন্মু-কাশ্মীৰ, লক্ষ্যদ্বীপ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, পুডুচেৰী, ৰাজস্থান, চিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগত।

এই আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা অঞ্চলত আজি অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। ১০২ টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়ালে দেশৰ মুঠ ১,৬২৫ গৰাকী প্ৰাৰ্থীয়ে। এই ১,৬২৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল ১,৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা।

উল্লেখ্য যে এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে কিৰেজ ৰিজিজু, নীতিন গাডকাৰীসহ মুঠ ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল আৰু বিপ্লৱ কুমাৰ দেৱ।

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ ১০২ টা সমষ্টিত প্ৰায় ৬০ শতাংশ ভোটাৰে ভোটদান কৰিছে।

ভোটদানৰ হাৰৰ ক্ষেত্ৰত ৮০.০৬% শংতাশ ভোটদানেৰে সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা।

ঠিক তেনেদৰে ভোটদানৰ হাৰ অৰুণাচল প্ৰদেশত ৬৫.৪৯%, আন্দামান আৰু নিকোবৰত ৫৬.৮৭%, অসমত ৭১.৪৬%, বিহাৰত ৪৭.৭৪%, ছত্তিশগড়ত ৬৩.৪১%, জন্মু-কাশ্মীৰত ৬৫.০৮%, লক্ষ্যদ্বীপত ৫৯.০২%, মধ্যপ্ৰদেশত ৬৩.৫০%, মহাৰাষ্ট্ৰত ৫৫.৩৫%, মণিপুৰত ৬৮.৮১%, মিজোৰামত ৫৪.২৩%, মেঘালয়ত ৭৩.৬৯%, নাগালেণ্ডত ৫৬.৯১%, পুডুচেৰীত ৭৩.৩৭%, ৰাজস্থানত ৫২.২৫%, চিকিমত ৬৮.০৬%, তামিলনাদুত ৬২.২৯%, ত্ৰিপুৰাত ৮০.০৬%, উত্তৰ প্ৰদেশত ৫৭.৯০%, উত্তৰাখণ্ডত ৫৩.৭৭% আৰু পশ্চিমবংগত ৭৭.৫৭%।

উল্লেখ্য যে অসমত প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ। ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭৬.২০ % ভোটদানেৰে অসমৰ ভিতৰত সৰ্বাধিক ভোটদানৰ হাৰ সৃষ্টি কৰে যোৰহাট সমষ্টিৰ ভোটাৰে। 

প্ৰসংগক্ৰমে, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে এইবাৰ লোকসভা নিৰ্বাচনত অসমত ১৩টা সমষ্টি দখল কৰিব বুলি দাবী কৰাৰ বিপৰীতে সমগ্ৰ ভাৰতত ৪০০তকৈও অধিক আসন দখল কৰিব বুলি দাবী কৰিছে। কিন্তু যোৱা ২০১৯ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪০ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি দলে।

(বিঃদ্ৰঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পৰ্কে নতুন আৰু অধিক তথ্য লাভ কৰিলে বাতৰিটোত নতুন তথ্য সমূহ সংযুক্ত কৰা হ’ব।) 

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd