১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ; আকাশত সৃষ্টি হ’ব ‘ৰিং অফ ফায়াৰ’, ভাৰতৰ পৰা যাব নে দেখা?

sol

এই বছৰতে ইতিমধ্যে বিশ্ববাসীয়ে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হোৱাৰ পাছত এইবাৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্বৰ বহু প্ৰান্তৰ লোক।

অহা ১০ জুনত হ’বলগীয়া এই বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ছোৱাত আকাশত সৃষ্টি হ’ব ৰিং অফ ফায়াৰ (ring of fire)।

১০ জুনৰ দিনা দিনৰ ১.৪২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু অন্ত পৰিব সন্ধিয়া ৬.৪১ বজাত।
বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ ৰাছিয়া, গ্ৰীণলেণ্ড,উত্তৰ-পূৱ কানাডা,উত্তৰ মেৰু আদিৰ পৰা সম্পূৰ্ণ ৰূপত দেখা যাব। ইউৰোপ,উত্তৰ আমেৰিকা,এছিয়াৰ কিছু অঞ্চল আদিৰ পৰা এই গ্ৰহণ আংশিক ৰূপত দেখা যাব।

ইপিনে, নাছাৰ বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ খালী চকুৰে চাবলৈ মানা কৰিছে। তেওঁলোকে ছানগ্লাছৰ সলনি টেলিস্কোপৰ জৰিয়তে সাৱধানতাৰে প্ৰত্যক্ষ কৰাৰ বাবে পৰামৰ্শ দিছে।
বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ চোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰিছে।

১০ জুনত হ’বলগীয়া এই সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ’ব য’ত চন্দ্ৰই সূৰ্যক ঢাকি ধৰিব। কিন্তু চন্দ্ৰৰ আয়তন সৰু হোৱাৰ বাবে সূৰ্যই চন্দ্ৰৰ কাষেৰে ৰশ্মি বিকিৰম কৰিব আৰু ইয়াৰ ফলত আকাশত আঙুঠিৰ দৰে আকৃতি দেখা যাব যাক কোৱা হয় ৰিং অফ ফায়াৰ।

খালী চকুৰে ইয়াক প্ৰত্যক্ষ কৰিলে চকু নষ্ট হোৱাৰ লগতে অন্ধত্ব প্ৰাপ্তিৰো সম্ভাৱনা আছে। সেয়েহে, সম্পূৰ্ণ কাৰিকৰী সাৱধানতা অৱলম্বন কৰিহে ইয়াক প্ৰত্যক্ষ কৰাটো সমীচীন হ’ব।
অৱশ্যে পৰিতাপৰ কথাটো হ’ল ভাৰতৰ কোনো ঠাইৰ পৰাই এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব।

১০ জুনৰ বাদেও ৪ ডিচেম্বৰত হ’বলগীয়া আংশিক সূৰ্যগ্ৰহণো ভাৰতৰ পৰা দেখা পোৱা নাযাব।
স্বাভাৱিকতে এই বিৰলপ্ৰায় সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ মহাকাশ বিজ্ঞানীসকল যথেষ্ট উৎসুক হৈ পৰিছে।