• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কটনৰ পূৰ্বৰ গৰিমা ম্লান! স্থান লাভৰে আধিপত্য বিস্তাৰৰ ক্ষেত্ৰত কিয় নিম্নগামী গুৱাহাটীৰ ফলাফল?

কটন, গুৱাহাটী কমাৰ্চকে ধৰি এই শিক্ষানুষ্ঠান সমূহে কিয় হেৰুৱালে পূৰ্বৰ আধিপত্য?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 25, 2020 9:17 pm
Tini College final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলৰ পাছতে সকলোৰে মনলৈ আহিছে এটাই প্ৰশ্ন ‘নিম্নগামী হৈছে নেকি মহানগৰ গুৱাহাটীৰ গৰিমাময়ী শিক্ষানুষ্ঠানৰসমূহ ফলাফল?’

কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কেৱল তিনিগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এইবাৰৰ উচ্চতৰ মাধ্যমিকত কেৱল ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে স্থান।

২০১৯ চনত কটন বিশ্ব বিদ্যালয়ক বাদ দি অসম জাতীয় বিদ্যালয়, চাই বিকাশ জুনিয়ৰ কলেজ, গুৱাহাটী কমাৰ্চ কলেজ আৰু কেচি দাস কমাৰ্চ কলেজৰ মুঠ ১২ গৰাকী।

কেচি দাস কমাৰ্চ কলেজ ৫ গৰাকী, গুৱাহাটী কমাৰ্চ কলেজৰ তিনিগৰাকী, চাই বিকাশ জুনিয়ৰ কলেজৰ দুগৰাকী ছাত্ৰী আৰু অসম জাতীয় বিদ্যালয়ৰ ২ গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

তাৰ বিপৰীতে চলিত শিক্ষাবৰ্ষত অসম জাতীয় বিদ্যালয়ত এগৰাকী, কটন বিশ্ববিদ্যালয়ত এগৰাকী, চাই বিকাশ জুনিয়ৰ কলেজৰ দুগৰাকী, লখৰাৰ এন.ই.এফ কলেজৰ এগৰাকী, কে.চি দাস কমাৰ্চ কলেজৰ এগৰাকী আৰু গুৱাহাটী কমাৰ্চ কলেজৰ এগৰাকী ছাত্ৰীয়েহে স্থান লাভ কৰে।

নিশ্চয়কৈ যোৱাবছৰৰ তুলনাত ৭ লৈ নিম্নগামী হ’ল স্থান লাভৰ সংখ্যা।

স্বাভাৱিকতে শিক্ষিত মহলত প্ৰশ্ন হয় ‘কটন, গুৱাহাটী কমাচৰ্কে ধৰি এই শিক্ষানুষ্ঠান সমূহে কিয় হেৰুৱালে আধিপত্য?

পূৰ্বতে একোটা প্ৰতিষ্ঠানৰ পৰা ৪-৫ গৰাকী বা ৭-১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।

এইখিনিতে উল্লেখ কৰিব লাগিব যে নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজত ১৯ টাকৈ স্থান দখলৰে চমক সৃষ্টি কৰিছে প্ৰতিষ্ঠানটোত। পূৰ্বৰ তুলনাত স্বাভাৱিকতে শৈক্ষিক প্ৰতিষ্ঠানখনৰ শিক্ষাৰ মানদণ্ড উৰ্ধগামী হৈ অহাৰ বাবেই পৰ্য্যায়ক্ৰমে স্থান লাভৰ ক্ষেত্ৰত আগুৱাই আছে বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিব।

তাৰ তুলনাত কিছু পৰিমাণে হ’লেও শৈক্ষিক মানদণ্ড হ্ৰাস পাইছে নেকি পূৰ্বতে সৰহসংখ্যকে স্থান লাভ কৰা প্ৰতিষ্ঠানসমূহত? এই প্ৰশ্নই সচেতন মহলে কৰিবলৈ আৰম্ভ কৰিছে।

ইপিনে, সকলো মেধা-সম্পন্ন ছাত্ৰ-ছাত্ৰীৰে সপোনৰ কলেজ কটন বিশ্ববিদ্যালয়। ৯০ শতাংশতকৈয়ো অধিক নম্বৰ লাভ কৰিলেহে ছাত্ৰ-ছাত্ৰীয়ে কটনত পঢ়াৰ সুবিধা লাভ কৰে।

তেনেক্ষেত্ৰত ২০১৩ চনত কটন মহাবিদ্যালয়ৰ সলনি বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত উচ্চতৰ মাধ্যমিকৰ ফলাফল কিছু পৰিমাণে নিম্নগামী হোৱা বুলি একাংশই ক’ব খোজে।

উল্লেখ কৰিব পাৰি যে ২০১২ চনতে ঋষভ শৰ্মা নামৰ ছাত্ৰজনে অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

২০১৩ চনৰ পৰা ২০১৬ লৈকে কোনোধৰণৰ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ নকৰাৰ পাছত ২০১৭ চনত দুগৰাকীয়ে ক্ৰমে অসমৰ ভিতৰত বিজ্ঞান শাখাত ষষ্ঠ আৰু নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত ২০১৮ চনত এগৰাকীয়ে দশম স্থান লাভ কৰাৰ পৰিৱৰ্তে ২০১৯ বৰ্ষত এগৰাকীয়েও স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

চলিত বৰ্ষত দেবশ্ৰী বৰাই কলা শাখাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এইবাৰ কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত মুঠ ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত প্ৰথম বিভাগত ৩৪৯ গৰাকী, দ্বিতীয় বিভাগত ৮৮ গৰাকী আৰু তৃতীয় বিভাগত ৬ গৰাকী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৮.৪৪ শতাংশ। বিজ্ঞান শাখাৰ ৪৫০ গৰাকীৰ ৪৪৩ গৰাকীহে উত্তীৰ্ণ হয় বিশ্ববিদ্যালয়খনত।

তাৰ বিপৰীতে, কলা শাখাত মুঠ ১৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ১৩০ গৰাকী, দ্বিতীয় বিভাগত ২৫ গৰাকী আৰু তৃতীয় বিভাগত ৭ গৰাকী উত্তীৰ্ণ হয়। শাখাটোত ১৬৬ গৰাকী অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ১৬২ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

ইপিনে, পূৰ্বতে ৭-৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি কটনলৈ গৰিমা কঢ়িয়াই অনাৰ পৰিৱৰ্তে এতিয়া কেৱল এগৰাকীয়ে স্থান লাভক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত তেওঁ কয় ‘কটন বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা দুৰ্বল হৈছে। এনে কিছুমান ডিপাৰ্টমেন্ট আছে য’ত ৭ গৰাকীহে শিক্ষক-শিক্ষয়িত্ৰী আছে। তাৰ বিপৰীতে বিশ্ববিদ্যালয়খনত প্ৰায় ৬৫০০ শিক্ষাৰ্থী আছে। ইমানসংখ্যক শিক্ষাৰ্থী থকা বিশ্ববিদ্যালয় এখনত ১০৯ টা প্ৰবক্তাৰ পদ এতিয়াও খালী হৈ আছে।পূৰ্বৰ প্ৰবক্তা বা অধ্যাপকসকলে অৱসৰ লোৱাৰ পাছত তেওঁলোকৰ পদবীবোৰ পূৰণ কৰা হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে সেই প্ৰবক্তাসকলে পঢ়োৱা ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি ভাল ফলাফল দেখুৱাইছিল যদিও এতিয়া পৰা নাই।‘

ইপিনে, আন্তঃগাঁথনি দুৰ্বলো ইয়াৰ এক কাৰণ বুলি কলিতাই উল্লেখ কৰাৰ লগতে  বিশ্ববিদ্যালয় হোৱাৰ পাছৰ পৰা বিভিন্ন বিষয়ৰ বিভাগ সংলগ্ন হোৱাৰ বিপৰীতে শ্ৰেণীকোঠাৰ সংখ্যা কমি গৈছে।

অৱশ্যে, উচ্চতৰ মাধ্যমিকক বাদ কৰি ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী পৰ্য্যায়ত ৰিজাল্ট উন্নত বুলি কলিতাই দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd