• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অংশগ্ৰহণকাৰী সংস্কৃতি, ভাৰ্চুৱেল পৃথিৱী আৰু নাৰীবাদৰ চতুৰ্থ তৰংগ

  গীতালী বৰপাত্ৰগোঁহাই by   গীতালী বৰপাত্ৰগোঁহাই
March 8, 2023 11:28 am
অংশগ্ৰহণকাৰী সংস্কৃতি, ভাৰ্চুৱেল পৃথিৱী আৰু নাৰীবাদৰ চতুৰ্থ তৰংগ

ইন্টাৰনেটৰ পৰা সংগৃহীত

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একবিংশ শতিকা হৈছে ডিজিটেল তথা ভাৰ্চুৱেল পৃথিৱীৰ সময়। প্ৰায় বিংশ শতিকাৰ শেষ ভাগৰ পৰাই পৃথিৱীখন দ্ৰুতগতিত সলনি হৈ আহিবলৈ ধৰিছিল আৰু জন্ম হৈছিল এটা নতুন প্ৰজন্মৰ। কোনো কোনো সমাজ বিজ্ঞানীয়ে এই নতুন প্ৰজন্মটোক ‘digital generation’, ‘net generation’ অথবা ‘cyber kids’ হিচাপে অভিহিত কৰিব বিচাৰে। প্ৰযুক্তিবিদ্যাৰ বিভিন্ন অৱদান যেনে মোবাইল ফোন, কম্পিউটাৰ, ইন্টাৰনেট আদিৰ ব্যৱহাৰ এই প্ৰজন্মটোৰ বাবে অপৰিহাৰ্য হৈ পৰিল। ইয়াৰ লগে লগে সমাজলৈ আগমণ ঘটিল অংশগ্ৰহণকাৰী সংস্কৃতিৰ (participatory culture), যি সংস্কৃতিত দৰ্শক তথা পাঠক নিস্ক্ৰিয় হৈ নাথাকে। বৰং সামাজিক মাধ্যমত উপলব্ধ কোনো লেখা বা  ভিডিঅ’ আদি ভাগ-বটোৱাৰা কৰি ,মন্তব্য প্ৰদান কৰি একোজন দৰ্শক-পাঠকো সক্ৰিয় অংশগ্ৰহণকাৰীৰ ৰূপত অৱৰ্তীৰ্ণ হ’বলৈ ধৰিলে। পাশ্চাত্যৰ সমাজবিজ্ঞানী মাইকেল ষ্ট্ৰেঞ্জল’ভৰ ভাষাৰে কবলৈ হ’লে আমি বৰ্তমান উত্তৰ-দূৰদৰ্শন যুগত আহি উপস্থিত হৈছো আৰু গণ মাধ্যমত জনতাৰ ব্যাপক আৰু পোনপটীয়া অংশগ্ৰহণেই এই সময়চোৱাৰ বৈশিষ্ট্য।

প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰতাই নাৰীবাদী ৰাজনীতিলৈও পৰিৱৰ্তন কঢ়িয়াই আনিলে। শেহতীয়াকৈ প্ৰতিবাদৰ মাধ্যম হিচাপে নাৰীবাদী ৰাজনীতিত এক নতুন ধাৰা দেখিবলৈ পোৱা গৈছে, যাক কোৱা হয় চাইবাৰ নাৰীবাদ। বহু নাৰীবাদীয়ে অভিযোগ তুলি আহিছিল যে পৰম্পৰাগত গণ মাধ্যমে সদায় শোষিত শ্ৰেণীৰ প্ৰকৃত ছবি লুকুৱাই ৰাখি শাসক পক্ষৰ স্বাৰ্থত মাত মাতি আহিছে। ইয়াৰ বিপৰীতে নতুন গণ্যমাধ্যম হ’ল পৰম্পৰাগত গণ মাধ্যমতকৈ মুক্ত আৰু অধিক গণতান্ত্ৰিক। সামাজিক মাধ্যমৰ লিখনি তথা ব্লগিং আদিয়ে নাৰীসকলক লিংগ বৈষম্যৰ অভিজ্ঞতা মুকলি কৰিবলৈ এখন সুকীয়া মঞ্চ প্ৰদান কৰিলে। টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আদিত হেজটেগৰ জৰিয়তে প্ৰতিবাদৰ এক নতুন ভাষাৰ সৃষ্টি কৰা হ’ল। কিৰা কক্ৰেণৰ দৰে নাৰীবাদীৰ মতে এয়া নাৰীবাদৰ চতুৰ্থ তৰংগৰ সময় আৰু এই তৰংগৰ সংজ্ঞা প্ৰযুক্তিবিদ্যাৰ দ্বাৰা নিৰ্ধাৰিত।

নাৰীবাদৰ চতুৰ্থ তৰংগই গুৰুত্ব আৰোপ কৰা প্ৰধান বিষয়সমূহ হ’ল- ‘Intersectionality’ অৰ্থাৎ নাৰীবাদৰ সংগ্ৰামত ৰাষ্ট্ৰ, ধৰ্ম, শ্ৰেণী, বৰ্ণ নিৰ্ৱিশেষে জাতীয়তা, সাংস্কৃতিক, মানসিক-শাৰীৰিক আদি সকলো দিশ সামৰি লোৱা, ‘sex positivity’ অৰ্থাৎ যৌনতা সম্পৰ্কে সমাজত বৰ্তি থকা শুচিবায়ুগ্ৰস্ততা দূৰ কৰি ইয়াক মানৱ জীৱনৰ এক স্বাভাৱিক আৰু স্বাস্থ্যকৰ অংশ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে নিৰাপদ আৰু সন্মতিসূচক যৌনতাত গুৰুত্ব আৰোপ কৰা, এলজিবিটি সম্প্ৰদায়ৰ অধিকাৰ সুনিশ্চিত কৰা তথা চাইবাৰ ক্ষেত্ৰত নাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে পদক্ষেপ লোৱা  ইত্যাদি। এই লেখাত আমি প্ৰধানত নাৰীবাদৰ চতুৰ্থ তৰংগৰ এক উল্লেখযোগ্য ধাৰা চাইবাৰ নাৰীবাদৰ বিষয়ে কিছু আলোকপাত কৰিবলৈ চেষ্টা কৰিম।

চাইবাৰ নাৰীবাদৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল প্ৰযুক্তিবিদ্যাক নাৰী-অধিকাৰৰ সপক্ষে ব্যৱহাৰ। আমেৰিকান নাৰীবাদী ড’না হাৰাৱেৰ মতে প্ৰযুক্তিবিদ্যাই এনে এক অৱস্থানত আহি উপনীত হৈছে যে আমি মানুহ আৰু যন্ত্ৰক পৰস্পৰৰ পৰা পৃথক কৰিব নোৱাৰা হৈ পৰিছো। ১৯৮৫ চনত প্ৰকাশিত ড’না হাৰাৱেৰ  ‘A Cyborg Manifesto’  নামৰ ৰচনাখনে নাৰীবাদী ধ্যান ধাৰণাত এক যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হয়। এই ৰচনাখনত ড’না হাৰাৱেই উত্তৰ-মানৱ যুগত কৃত্ৰিম অংগ সংৰোপনৰ জড়িয়তে মানৱ জাতি একো একোটা চাইবৰ্গ (cyborg) ত পৰিণত হোৱাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰিছিল। চাইবৰ্গ অৰ্থাৎ মানৱ আৰু যন্ত্ৰৰ সংকৰণ (hybrid)। প্ৰকৃতাৰ্থত কৃত্ৰিম হাত-ভৰিৰ সংযোজন, চকুত চশমা বা লেন্স পিন্ধি, অনলাইন ভিডিঅ’ গেমসমূহত একো একোটা ’অৱতাৰ’ৰ ভূমিকা পালন কৰি, তথা শৰীৰত পেচমেকাৰৰ অৱস্থিতিৰে বৰ্তমানেও বহু লোক আংশিকভাৱে একো একোজন চাইবৰ্গ হৈ পৰিছে। ড’না হাৰাৱেৰ মতে ভৱিষ্যতৰ পৃথিৱীত এই চাইবৰ্গ সকলে ব্যক্তিগত পৰ্যায়ত নহয় বৰং এক সমূহক প্ৰতিনিধিত্ব কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিপূৰ্ণ চাইবৰ্গৰ পৃথিৱীত নাৰীৰ গৰ্ভধাৰণ, অথবা ৰূপান্তৰকামী ব্যক্তিৰ (transgender) আচৰণ আদি অপ্ৰাসংগিক বিষয় হৈ পৰিব। ইয়াৰ ফলত পুৰুষতান্ত্ৰিক সমাজত বাহাল থকা লিংগ ভিত্তিক বিভাজনসমূহো প্ৰত্যাহ্বানৰ সমুখীন হ’ব। ড’না হাৰাৱেৰ পূৰ্বে  প্ৰযুক্তিবিদ্যাই নাৰীৰ অৱস্থানৰ সালসলনি ঘটাব বুলি বিশ্বাস কৰিছিল ৰেডিকেল নাৰীবাদী  সুলামিথ ফায়াৰষ্ট’নে। ১৯৭০ চনত প্ৰকাশিত  ফায়াৰষ্ট’নৰ ‘The Dialectic Of Sex’  গ্ৰ্ন্থত তেওঁ মত প্ৰকাশ কৰে যে পুৰুষতান্ত্ৰিক সমাজত গৰ্ভধাৰণ ক্ষমতাৰ বাবেই নাৰী সদায় বৈষম্যৰ বলি হৈ আহিছে। নাৰীৰ এই ক্ষমতাৰ বাবেই সমাজৰ উন্নয়নত অৱদান আগবঢ়োৱাৰ পৰিৱৰ্তে ‘ঘৰৰ ভিতৰত থাকি সন্তান জন্ম দিয়াটোহে নাৰীৰ দায়িত্ব’, ‘ৰাজনৈতিক, সামাজিক দিশত ভূমিকা লোৱাৰ দায়িত্ব পুৰুষৰ’ তথা ‘সন্তান জন্ম দিবলৈ অক্ষম নাৰীৰ মূল্য নাই’ এইবিলাক পুৰুষতান্ত্ৰিক মানসিকতা বিকশিত হয়। নাৰীৰ শৰীৰৰ ওপৰত অধিক গুৰুত্ব দি পুৰুষতান্ত্ৰিক সমাজে নাৰী এগৰাকী মানসিক ভাৱে যিমানেই বুদ্ধিদীপ্ত নহওক, তেওঁৰ শৰীৰেই সমাজৰ বিভিন্ন দিশত আগবাঢ়ি যোৱাত হেঙাৰ হ’ব, আদি ধাৰণাৰে নাৰীৰ ‘biology’ ক  নাৰী দমনৰ প্ৰধান আহিলা হিচাপে লয়। ফায়াৰষ্ট’নে গৰ্ভধাৰণৰ কৃত্ৰিম প্ৰণালীক সমৰ্থন কৰিছিল, যাতে নাৰী এগৰাকীয়ে নিজৰ সুবিধা বা ইচ্ছা অনুযায়ী গৰ্ভধাৰণৰ পৰিৱৰ্তে সমাজৰ আন আন কামত বেছি সময় দিব পাৰে। ফায়াৰষ্ট’নৰ মতে নাৰীৰ প্ৰজনন ক্ষমতা যিহেতু নাৰীৰ বাবে সমাজলৈ আগবঢ়োৱা অৱদানৰ ক্ষেত্ৰত হেঙাৰ হৈ উঠে, গতিকে নাৰীয়ে প্ৰযুক্তিবিদ্যাৰ সহায়ত প্ৰাকৃতিক ভাৱে সন্তান জন্ম দিয়া কৰ্মৰ পৰা মুক্তি পাব লাগে। পৰৱৰ্তী সময়ত আন বহু নাৰীবাদীৰ দ্বাৰা সমালোচিত হ’লেও ড’না হাৰাৱে আৰু সুলামিথ ফায়াৰষ্ট’নে চাইবাৰ নাৰীবাদৰ উত্থানত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

প্ৰযুক্তিবিদ্যাৰ সহায়ত লিংগভিত্তিক বিভাজন দূৰ কৰাৰ উপৰি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত নাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়েও চাইবাৰ নাৰীবাদীসকলে গুৰুত্ব আৰোপ কৰে। চাইবাৰ নাৰীবাদীসকলে দাবী কৰিব বিচাৰে যে প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ধাৰণা সামাজিক আৰু সাংস্কৃতিকভাৱে সৃষ্টি কৰা হয়। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পূৰ্বৰ পৰা এই ধাৰণাৰ প্ৰচলন হৈ আহিছে যে প্ৰযুক্তিবিদ্যাৰ প্ৰতি নাৰীসকলতকৈ পুৰুষসকল অধিক আগ্ৰহী আৰু অধিকভাৱে জড়িত। অথচ প্ৰযুক্তিবিদ্যাৰ বিকাশত নাৰীৰ অৱদানো নিহিত হৈ আছে। উদাহৰণস্বৰূপে কম্পিউটাৰৰ সৃষ্টি আৰু বিকাশত যদিও বহু নাৰী জড়িত হৈ আছিল, কিন্তু ইতিহাসে এই তথ্য সদায় অৱহেলা কৰি আহিছে। সেইবাবে জুডি ৱাজক্‌মেন, চিন্থিয়া ককবাৰ্ন আদি নাৰীবাদীয়ে দাবী জনাব বিচাৰে যে প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ধাৰণা পুনঃগঠন কৰাৰ লগতে এই ক্ষেত্ৰখনত নাৰীৰ অধিক অংশগ্ৰহণৰ প্ৰয়োজন। এই উদেশ্যৰে চাইবাৰ নাৰীবাদীসকলে প্ৰতিবাদৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এনে পদক্ষেপৰ বাটকটীয়া হিচাপে অভিহিত ক’ৰা হয় ২০১২ চনত ব্ৰিটিছ লেখক ল’ৰা বেট্‌চে আৰম্ভণি কৰা Everyday Sexism নামৰ ৱেৱচাইটটোক। এই ৱেৱচাইটটোত এজন ব্যক্তিয়ে দৈনন্দিন জীৱনত সম্মুখীন হোৱা সৰু/ডাঙৰ যিকোনো লিংগ বৈষম্যৰ অভিজ্ঞতা ইমেল, টুইটাৰৰ জৰিয়তে অথবা পোনপটীয়াকৈ ৱেৱচাইটটোলৈ প্ৰেৰণ কৰিব পাৰে। কৰ্মস্থানত বা বাটে-ঘাটে নাৰী এগৰাকীয়ে লাভ কৰা কিছু অভিজ্ঞতা আপাত দৃষ্টিত ইমান স্বাভাৱিক যেন লাগে যে এনে ঘটনাসমূহত প্ৰতিবাদৰ কোনো সুবিধা বা পৰিৱেশ নাথাকে। অথচ এনে ঘটনাসমূহে নাৰী গৰাকীৰ প্ৰচুৰ মানসিক ক্ষতি সাধনৰো সম্ভাৱনা থাকি যায়। মনত পুঞ্জীভূত হৈ থকা এনে ক্ষোভবোৰ ভুক্তভোগী নাৰীসকলে এই ৱেৱচাইটোত লিখি প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে সমাজলৈ এই বাৰ্তাই প্ৰেৰণ কৰা হয় যে পৃথিৱীত লিংগ বৈষম্যৰ অস্তিত্ব এতিয়াও বিৰাজমান।

হেজটেগ, ব্লগিং আদিৰ বাহিৰেও নাৰীবাদৰ চতুৰ্থ তৰংগত ভিডিঅ’ৰ মাধ্যমেৰেও জনপ্ৰিয় সংস্কৃতিক এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে কব পাৰি আমাৰ দেশৰে Agents of Ishq: We give sex a good name নামৰ ৱেৱচাইটটোৰ কথা। এই ৱেৱচাইটটোৰ সৃষ্টি কৰিছিল পাৰমিতা বঢ়াই। মুক্ত যৌন শিক্ষাৰ পৃষ্ঠপোষকতা কৰা এই ৱেৱচাইটটোত যৌন স্বাস্থ্য আৰু অধিকাৰৰ  লগতে ৱেৱচাইটটোৰ সদস্যসকলে বিভিন্ন ভিডিঅ’ৰ মাধ্যমেৰে এই বাৰ্তা প্ৰেৰণ কৰে যে যৌনক্ৰিয়া উপভোগ্য হোৱাৰ প্ৰয়োজন, বলপূৰ্বক নহয়। সমকামী ব্যক্তিৰ সম্পৰ্ক, যৌন ক্ৰিয়াত নাৰী-পুৰুষ উভয়ৰ সন্মতিৰ প্ৰয়োজনীয়তা, নাৰীৰ ঋতুশ্ৰাৱ সম্পৰ্কীয় তথ্য অথবা নাৰীজনিত অভিযোগ আৰক্ষীয়ে কিদৰে গ্ৰহণ কৰা উচিত আদি বিভিন্ন বিষয় এই ৱেৱচাইটোৰ সদস্যসকলে বিভিন্ন লেখা আৰু ভিডিঅ’ৰ মাধ্যমেৰে তুলি ধৰে।

চাইবাৰ আন্দোলনৰ সুবিধা এয়ে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ যিকোনো সময়ত এই আন্দোলনত চামিল হব পাৰে। হাতৰ টিপতে স্মাৰ্ট ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰি হেজটেগৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰতিবাদকাৰীসকলক এই  আশ্বাস দিব পাৰে যে প্ৰতিবাদৰ যাত্ৰাত তেওঁলোক অকলশৰীয়া নহয়। পৰম্পৰাগত আন্দোলনৰ তুলনাত চাইবাৰ আন্দোলনৰ ব্যাপকতাও ক্ষীপ্ৰ। উদাহৰণস্বৰূপে ২০০৭ চনত তাৰানা বাৰ্কে আৰম্ভ কৰা ’মি টু’ আন্দোলন ২০১৭ চনত অভিনেতা এলিচা মিলানোৰ এটা টুইটৰ পাছতে ইন্টাৰনেট চাঞ্চল্য হৈ পৰিছিল। বিশ্বৰ বিভিন্ন নাৰীৰ লগতে ভাৰত তথা অসমতো এই আন্দোলনে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। #YesAllWomen, #SurvivorPrivilege, #TheEmptyChair , আদি হেজ টেগ আন্দোলনৰ জনপ্ৰিয়তাও আছিল অভূতপূৰ্ব।

অৱশ্যে নাৰীবাদৰ আন বহু ধাৰাৰ দৰেই চাইবাৰ নাৰীবাদো সমালোচনাৰ উৰ্ধত নহয়। চাইবাৰ নাৰীবাদৰ এক সীমাৱদ্ধতা হ’ল যে যিকোনো ব্যক্তিয়ে নাৰীবাদৰ উদেশ্য প্ৰতিনিধিত্ব নকৰা যিকোনো নাৰীজনিত ঘটনাত হেজ টেগ দি নিজৰ স্বাৰ্থৰ বাবে বৃহৎ সংখ্যক লোকৰ কাষ চপাৰ সুৰুঙা ইয়াত আছে। ইয়াৰ ফলত নাৰীজনিত আন বহু জটিল সমস্যা তৰল হৈ পৰাৰ আশংকা থাকে। সেইবাবে কেৱল সামাজিক মাধ্যমত নাৰীজনিত কোনো বিষয়ত হেজ টেগ লিখিলেই তাক চাইবাৰ নাৰীবাদ অভিধা দিব নোৱাৰি যদিহে সামগ্ৰিকভাৱে নাৰীবাদৰ মূল্যবোধৰ লগত ইয়াৰ সংগতি নাথাকে। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ দৰে এখন দেশত য’ত এতিয়াও খাদ্য, স্বাস্থ্য, শিক্ষা আদি মৌলিক অধিকাৰৰ বাবে বহু নাৰীয়ে যুজঁ দিব লগা হয়, তেনে এখন দেশত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়াটো এতিয়াও সুদূৰপৰাহত। ’মি টু’ আন্দোলনৰ বেলিকাও সেইবাবে এই সমালোচনা কৰা হৈছিল যে এই আন্দোলন হাই প্ৰফাইল লোকৰ এক বিলাসী আন্দোলন। ভাৰতবৰ্ষৰ এক বৃহৎ সংখ্যক নাৰীক এই আন্দোলনে সাঙুৰি নলয়। উত্তৰ ঔপনিবেশিক নাৰীবাদী ছান্দ্ৰা তলপড়ে ম’হান্তিৰ মতে পাশ্চাত্যৰ নাৰীবাদীসকলে বিশ্বৰ সকলো প্ৰান্তৰ নাৰীৰ উদ্ধাৰকৰ্তাৰ ভূমিকা লবলৈ চেষ্টা কৰে। তেওঁলোকে এয়া হৃদয়ংগম কৰিব নিবিচাৰে যে দেশভেদে নাৰীৰ বাবে বৈষম্যৰ সংজ্ঞাও ভিন্ন। 

বহু সমালোচনাৰে পূৰ্ণ হ’লেও চাইবাৰ নাৰীবাদক বৰ্তমান সময়ত আওকাণ কৰি চলিব নোৱাৰি। সামাজিক মাধ্যমত সৃষ্টি হোৱা জনমতে বহুক্ষেত্ৰত কাৰ্যকৰী প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। তদুপৰি প্ৰযুক্তিবিদ্যাৰ সহায়ত সন্তান জন্ম দিয়াৰ বিভিন্ন কৃত্ৰিম পদ্ধতি যেনে In vitro fertilization বা চমুকৈ IVF, Gestational Surrogacy আদি Assisted Reproductive Technology ভাৰত তথা অসমতো এতিয়া অতি বেছি অপৰিচিত হৈ থকা নাই।

নাৰীবাদ আৰু নাৰীবাদীৰ পৰিভাষা যুগে যুগে সলনি হৈ আহিছে। নাৰীবাদৰ প্ৰতিটো তৰংগত থাকি যোৱা অসন্তুষ্টি আৰু সীমাৱদ্ধতাৰ বাবেই পৰৱৰ্তী তৰংগৰ অভ্যুত্থান ঘটিছিল। আনহাতে ‘নাৰীবাদৰ তৰংগ’-এই ধাৰণাটোৱেই সম্পূৰ্ণ আঁসোৱাহপূৰ্ণ বুলিও বহু নাৰীবাদীয়ে দাবী কৰিব বিচাৰে। কাৰণ বিশ্বৰ কোনো এক প্ৰান্তত নাৰীবাদৰ তৃতীয় তৰংগৰ সমাপ্তি ঘোষণা কৰোতে আন এক প্ৰান্তত হয়টো নাৰীবাদৰ প্ৰথম তৰংগৰ সূত্ৰপাতহে হৈছিল। নাৰীবাদৰ চতুৰ্থ তৰংগ তথা চাইবাৰ নাৰীবাদে ভৱিষ্যতে কি ৰূপ লয়, সেয়া সময়ৰ হাতত। কিন্তু এই ধাৰাই যে বহু নাৰীক ব্যক্তিগত পৰ্যায়তেই হওক বা সামূহিক পৰ্যায়তেই হওক কন্ঠ জাগ্ৰত কৰাৰ এখন সুকীয়া মঞ্চ প্ৰদান কৰিলে সেয়া আমি অস্বীকাৰ কৰিব নোৱাৰো।

 

লেখিকাৰ ঠিকনা : নাৰী অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

ফোন নং ৭০৮৬২৩৯২৯১

ইমেইল : [email protected]

  গীতালী বৰপাত্ৰগোঁহাই

  গীতালী বৰপাত্ৰগোঁহাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd