খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে। সমীক্ষা অনুসৰি ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ তথা লোকপিয়লসমূহ বিশ্লেষণ কৰি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। বৰ্তমান বিশ্বত খ্ৰীষ্টান ধৰ্মীয় লোকৰ জনসংখ্যা আটাইতকৈ বেছি যদিও অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।

প্ৰতিবেদন অনুসৰি ইছলাম বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে ২০৬০ চনৰ ভিতৰত বৰ্তমানৰ তুলনাত মুছলমানৰ জনসংখ্যা বহুগুণ বৃদ্ধি হ’বলৈ গৈ আছে। এই মুহূৰ্তত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ২০ কোটি। জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ পিছতেই আছে ইছলাম ধৰ্ম।

লগতে পঢ়কঃ বাজি মাৰি ৯০ মিনিটত খালে ২২ পেগ মদ; টেটুলৈকে গিলি কৰুণ পৰিণতি যুৱকৰ

The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ বৃদ্ধি পাইছে। এইদৰে বৃদ্ধি পালে ২০৬০ চনত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’বলৈ গৈ আছে। যদি সেয়ে হয় তেন্তে বিশ্বৰ ভিতৰত ভাৰতেই হ’ব সৰ্বাধিক মুছলমান লোক বাস কৰা ৰাষ্ট্ৰ।

ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে। সমীক্ষা অনুসৰি ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

লগতে পঢ়কঃ টকাৰ বাহাদুৰী! ৩ লাখ টকীয়া কাপত চাহ খায় নীতা আম্বানীয়ে! কিয় এই কাপটোৰ ইমান দাম?

সংস্থাটোৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে একে সময়তে বিশ্বৰ ৯.৫ শতাংশ মুছলমান জনসংখ্যা পাকিস্তানত আৰু ৬.১ শতাংশ বাংলাদেশত থাকিব। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৯.৪ শতাংশ হ’ব ভাৰতৰ মুছলমান জনসংখ্যা, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ ১১.১ শতাংশ।

ইতিহাসত প্ৰথমবাৰৰ বাবে মুছলমানৰ সংখ্যা বিশ্বজুৰি খ্ৰীষ্টানৰ সংখ্যাৰ প্ৰায় সমান হ’ব। পিউ ৰিচাৰ্চৰ হিচাপ অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বত ২.৮ বিলিয়ন মুছলমান আৰু ২.৯ বিলিয়ন খ্ৰীষ্টান থাকিব।

ইউৰোপত মুঠ জনসংখ্যাৰ ১০ শতাংশ হ’ব মুছলমান। আমেৰিকাত ২০১০ চনৰ খ্ৰীষ্টান জনসংখ্যাৰ তিনি চতুৰ্থাংশতকৈ অধিকৰ পৰা ২০৫০ চনত দুই তৃতীয়াংশলৈ হ্ৰাস পাব। আৰু দেশখনত ধৰ্মৰ ফালৰ পৰা ইহুদীতকৈ মুছলমানৰ সংখ্যা বেছি হ’ব।

উল্লেখ্য যে এই সমীক্ষা অনুসৰি আগন্তুক ১০ বছৰত বিশ্বৰ জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব। আনহাতে, মুছলমান জনসংখ্যা প্ৰায় ৭০ শতাংশ বৃদ্ধি পাব। ২০৬০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’ব।

লগতে পঢ়কঃ অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াৰ