NORTHEAST NOW (Assamese)

‘মুখ্য মন্ত্ৰীয়েও একো কৰিব নোৱাৰে’ বোলা একালৰ ক্ষমতাশালী ৰাকেশ পালৰ দুৰৱস্থা! বাৰে বাৰে ব্যৰ্থ জামিন লাভত

December 17, 2018 6:07 pm · এন ই নাও নিউজ
Updated: December 17, 2018 6:12 pm
এ পি এছ চি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ ফাইল ফটো

এটাৰ পিছত এটা গোচৰত জেইলত সোমোৱা আৰু ঘাইকৈ এ পি এছ চিৰ কেলেংকাৰিৰে গোটেই ৰাজ্যজুৰি কুখ্যাতি অৰ্জা ৰাকেশ পাল আজি আকৌ মুখ থেকেচা খায় আদালতৰ মজিয়াত।

ভঙাগড় থানাৰ ১৫৯/১৭নম্বৰৰ গোচৰত বৰ্তমন কাৰাবাস খাটি থকা এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষজনৰ অধিবক্তাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন জনাইছিল। কিন্তু ন্যায়ালয়ে আজিও তেওঁৰ আৱেদন খাৰিজ কৰে।

জানিব পৰামতে, দুবছৰৰ অধিক দিন কাৰাগাৰৰ ভাত খাই আমনি লাগিছে ৰাকেশ পালৰ। সেয়ে অধিবক্তাই দীৰ্ঘদিন কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ বিৰোধিতা কৰি কেলেংকাৰিৰ মহানায়কজনৰ জামিনৰ বাবে আৱেদন জনাইছিল। কিন্তু ন্যায়ালয়ে গোচৰটোৰ গুৰুত্বৰ বাবে জামিন আৱেদন নাকচ কৰে।

পূৰ্বেও বহুকেইবাৰ পালৰ জামিন আৱেদন খাৰিজ কৰিছে ন্যায়ালয়ে। কংগ্ৰেছৰ আমোলত হোৱা ‘ধনৰ বিনিময়ত চাকৰি’ দিয়াৰ এই বৃহৎ কেলেংকাৰিটোৰ মহানায়কজনক যোৱা ২০১৬ চনৰ ৪ নৱেম্বৰত প্ৰথমবাৰ তেওঁৰ কাৰ্য্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত কৰা ডিব্ৰুগড় আৰক্ষীয়ে।

উল্লেখযোগ্য যে কৃষক মুক্তিয়ে এ পি এছ চিৰ কেলেংকাৰিৰ সবিশেষ তথ্য দাঙি ধৰাৰ পিছতো তেওঁ কেলেংকাৰি হোৱা নাই বুলি আৰু প্ৰমাণ কৰিব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাই আছিল। নতুন চৰকাৰ অহাৰ পিছত মুখ্য মন্ত্ৰীয়েও তেওঁক একো কৰিব নোৱাৰে বুলি দম্ভালি মাৰিছিল। কিন্তু বিড়ম্বনাৰ কথাটো হ’ল- সেই ‘ক্ষমতাশালী’ ৰাকেশ পালে আজি জামিনো লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related News