NORTHEAST NOW (Assamese)

সাংবাদিকক ভাবুকি: মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী গুৱাহাটী প্ৰেছ ক্লাবৰ

April 1, 2021 7:47 pm · এন ই নাও নিউজ

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই টেলিভিছনৰ এগৰাকী সাংবাদিক টেলিফোনত দিয়া ভাবুকিত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে।

গুৱাহাটী প্ৰেছ ক্লাবৰ  সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি মনোজ কুমাৰ নাথে প্ৰেৰণ কৰা এক বিবৃতিত কয় যে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ মন্ত্ৰী গৰাকীয়ে সাংবাদিকক যিধৰণে ভাবুকি দিছে সেয়া গৰিহণাৰ যোগ্য।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ  ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে তেওঁলোকে।

সাংবাদিকৰ সুৰক্ষা এতিয়া প্ৰত্যাহ্বানৰ বিষয়  হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ৰাইজৰ প্ৰতিনিধি এগৰাকীৰ এনে আচৰণ সঁচাকৈ ভয়াৱহ আৰু ধিক্কাৰৰ যোগ্য।

অডিঅ’ টেইপটো পৰীক্ষা কৰি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা  গ্ৰহণৰো দাবী জনায় সম্পাদক ৰায় আৰু সভাপতি নাথে।

গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক আৰু সভাপতিদ্বয়ে ৰাজ্যৰ সকলো প্ৰান্তৰ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।

Related News