আন্তঃ জিলা জুনিয়ৰ মহিলা কাবাদীৰ চেম্পিয়ন তামুলপুৰৰ মহিলা দলৰ সদস্যক উষ্ম আদৰণি

IMG-20181001-WA0077

ফটো নর্থ-ইষ্ট নাও

তিনিচুকীয়াত যোৱা ২৮, ২৯ আৰু ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ মহিলা কাবাদী প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা তামুলপুৰৰ মহিলা কাবাদী দলটোক আজি শুভেচ্ছা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনায়।

তামুলপুৰ মহিলা কাবাদী দলটোক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে তামুলপুৰ স্প’ৰ্টছ ক্লাবত আজি এক অনুষ্ঠানৰ আয়োজন কৰা হয়।  মহেন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই সম্বৰ্ধনা তথা শুভেচ্ছামূলক অনুষ্ঠানটো পৰিচালনা কৰে তামুলপুৰ স্প’ৰ্টছ ক্লাবৰ সম্পাদক কমলা কান্ত বড়োৱে।

আন্তঃ জিলা জুনিয়ৰ মহিলা কাবাদী প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ আজুৰি অনা খেলুৱৈসকলক তামুলপুৰ স্প’ৰ্টছ ক্লাব, গৈবাৰী বি পি এফ, তামুলপুৰ প্ৰেছ ক্লাবৰ লগতে বহুতো দল-সংগঠনে সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত তামুলপুৰ দলটোৰ মেনেজাৰ মীনা বড়ো আৰু প্ৰশিক্ষক কিৰণ সৰকাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আনহাতে তামুলপুৰ প্ৰেছ ক্লাবৰ সম্পাদক চক্ৰেশ্বৰ ডেকা, তামুলপুৰ ব্লক বি পি এফৰ সম্পাদক অভিজিৎ দাস দেউৰী আৰু বি পি এফৰ নেতা দিপালী ডেকাই মহিলা কাবাদী দলটোৰ সকলো খেলুৱৈ তথা সদস্যকে শুভেচ্ছা জনায়।