NORTHEAST NOW (Assamese)

ৰাজ্যৰ কেইবাজনো বন বিষয়াৰ পদোন্নতিৰ ঘোষণা অসম চৰকাৰৰ

January 10, 2025 1:31 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ কেইবাজনো বন বিষয়াৰ পদোন্নতিৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে।

বৰ্তমান মুখ্য বন সংৰক্ষক তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক পদত পদোন্নতি দিয়া হৈছে।

কেন্দ্ৰীয় প্ৰতিনিধিৰ ওপৰত আই এফ এছৰ বিষয়া সুশীল কুমাৰ দৈলা আৰু  পি শিৱকুমাৰক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক পদবীলৈ প্ৰমোচন দিয়া হৈছে।

মুখ্য বন সংৰক্ষক মুয়ানথাং টুংনুঙকো অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে পদোন্নতি দিয়া হৈছে।

কেন্দ্ৰীয় প্ৰতিনিধিৰ ওপৰত দীপিকা চৌধুৰীক বন সংৰক্ষক পদবীলৈ পদোন্নতি দিয়া হৈছে।

উত্তৰ কামৰূপৰ সংমণ্ডল বন বিষয়া ইন্দ্ৰদে চৌধুৰীক বন সংৰক্ষক পদত পদোন্নতি আৰু লগতে বাছনি গ্ৰেডলৈও পদোন্নতি দিয়া হৈছে।

অসম বন বিদ্যালয়ৰ সঞ্চালক স্মতি ডিম্পী বৰাক বাছনি শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছে।

PCCF(WL) & CWLW, Assam ৰ লগত সংযুক্ত ৰোহিনী বল্লভ শইকীয়া, DCF,ক বাছনি গ্ৰেডলৈ উন্নীত কৰা হৈছে।

পিচিচিএফ এণ্ড হএফএফ কাৰ্যালয়ৰ পৰিকল্পনা বিষয়া দেবিন্দৰ সুমনক বাছনি গ্ৰেডলৈ পদোন্নতি দিয়া হৈছে।

PCCF & HoFF কাৰ্যালয়ৰ সৈতে সংযুক্ত ৰাজেন্দ্ৰ সিং ভাৰতী, DCF (FC-Nodal)ক বাছনি গ্ৰেডলৈ পদোন্নতি দিয়া হৈছে।

এই পদোন্নতিসমূহ বন আৰু পৰিৱেশ বিভাগৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ।

Related News