পুনৰ ৰাজ্য চৰকাৰ অবিবেচক কাৰ্যত বাধা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে। কামাখ্যা মন্দিৰৰ ক্ষতি কৰি চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা প্ৰকল্পত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে।
উচ্চ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ে যে মা কামাখ্যা মন্দিৰৰ ক্ষতি কৰিব পৰা যিকোনো কাম-কাজৰ লগতে একছেছ কৰিডৰ প্ৰকল্পৰ কোনো কাম কৰিব নোৱাৰিব ।
কামাখ্যা মন্দিৰৰ ক্ষতি হ’ব পৰা এই কামসমূহৰ সলনি পৰ্যটক সকলৰ সুবিধাৰ বাবে অন্যান্য কামত হে গুৰুত্ব আৰোপ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
ৰাজ্য চৰকাৰে দাখিল কৰা আই এ (চিভিল) ৬৪৩/২০২৫ নম্বৰৰ এখন আবেদনৰ শুনানিত উচ্চ ন্যায়ালয়ে এই নির্দেশ প্রদান কৰে।
লগতে ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে ৰুৰকীৰ নেচনেল ইনষ্টিটিউট অব্ হাইড্ৰ’লজিৰ পৰা হাইড্র’লজিকেল আৰু জিঅ’ফিজিকেল অনুসন্ধানৰ প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব। তাৰ পিছত আদালতৰ অনুমোদনৰ লৈহে মন্দিৰৰ একছেছ কৰিডৰ প্ৰকল্প আৰম্ভ কৰিব পাৰিব।
উল্লেখ্য যে পি এম ডিভাইন আঁচনিৰ অধীনত কামাখ্যা মন্দিৰ একছেছ কৰিডৰ প্ৰকল্প হাতত লৈছিল অসম চৰকাৰে। কিন্তু এই নির্মাণ কার্যত কামাখ্যাৰ পবিত্ৰ জলধাৰাত প্ৰভাৱ পৰিব বুলি অভিযোগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখনকৈ আবেদন দাখিল কৰা হয়।
এই আবেদন দুখনৰ ভিত্তিত আদালতে বিষয়টো বিশেষজ্ঞৰ প্ৰতিবেদন লৈহে অনুমোদন জনাব বুলি অসমচ চৰকাৰক স্পষ্ট কৰি দিয়ে।