মনোনয়ন দিবলৈ অহা নেতাৰ বাবে বাট মুকলি কৰিবলৈ মহানগৰীত সলনি হ’ল পথ নিৰ্দেশনা

Guwahati-Images-750x375

গুৱাহাটীৰ প্ৰতিনিধিত্বমূলক ফাইল ফটো।

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অৰ্থাৎ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলাৰ অধীনৰ সমষ্টিকেইটাৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৯ মাৰ্চ ।

সেয়ে, মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ বাবে হ’বলগীয়া সম্ভাৱ্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যান-বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে ১৮ আৰু ১৯ মাৰ্চত যাত্ৰীসকলৰ সুবিধাৰ্থে কিছু পথ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি ১৮ মাৰ্চ অৰ্থাৎ আজিৰে পৰা মহানগৰীত যান-বাহনসমূহৰ বাবে দিয়া নিৰ্দেশনাসমূহ হ’লঃ-

* চান্দমাৰিৰ দিশৰ পৰা জালুকবাৰীৰ পিনে যাবলগীয়া বাহনবোৰক জি এন বি পথ, জিলা লাইব্ৰেৰী আৰু আৰ বি আইৰ কাষেৰে পানবজাৰ ফ্লাই অভাৰলৈ আৰু এ টি ৰোডৰ পিনে যাবলৈ নিৰ্দেশনা দিয়া হৈছে।

* উলুবাৰীৰ দিশৰ পৰা জালুকবাৰীৰ পিনে যাবলগীয়া বাহনবোৰ এ টি ৰোডৰে যাব পাৰিব। সেইদৰে, পল্টনবজাৰৰ দিশৰ পৰা ভৰলুমুখৰ পিনে যাবলগীয়া কিছুমান যান-বাহন এম এল এন পথ, পানবজাৰ পুলিচ পইণ্ট আৰু এইচ বি পথৰ মাজেৰে যাব পাৰিব।

* জালুকবাৰীৰ দিশৰ পৰা চান্দমাৰি ,নুনমাটি আৰু দিছপুৰৰ পিনে অহা বাহনবোৰক এপ’লো পইণ্টৰ মাজেৰে আগবাঢ়ি এইচ বি পথ আৰু এ টি পথৰ পিনেৰে যাবলৈ নিৰ্দেশ দিয়া হৈছে।

* উজান বজাৰ আৰু খাৰঘুলিৰ পৰা পানবজাৰলৈ আহিবলগীয়া বাহনবোৰ তাইবুল্লাহ পথ, জি এন বি ৰোড, আৰ বি আই হৈ এ টি ৰোডৰ ফালে বা এম এল এন পথ তথা এইচ বি পথৰ মাজেৰে ভৰলুমুখৰ পিনে যাব পাৰিব।

আনহাতে, মহানগৰীৰ এইচ বি ৰোড, এম এল এন ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, এম চি ৰোড, এফচি ৰোড,  জি এনবি ৰোড তথা ইয়াৰ পইণ্টবোৰ ‘নো-পাৰ্কিং’ জ’ন হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে।

একেদৰে পাণবজাৰৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখৰ পাৰ্কিং, গীৰ্জা পাৰ্কিং, কমাৰপট্টি মছজিদ পাৰ্কিং, বি এছ এন এল পাৰ্কিং, কটন ক’লিজিয়েট এইচ এছ স্কুল পাৰ্কিং আদি জি এম চি পাৰ্কিংসমূহ ১৮ আৰু ১৯ মাৰ্চত ‘নো-পাৰ্কিং’ জ’ন হ’ব।

ইপিনে, প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়ত তেওঁলোকৰ সমৰ্থকসকলে লাচিত ঘাট পাৰ্কিং, কালীপুৰৰ দুয়োফালে ভূতনাথলৈ, টি চি পইণ্ট ৰ’টাৰী (কামৰূপ একাডেমীৰ ফালে), এপলো পইণ্টৰ পৰা ফুলবাৰী ৰোড ক্ৰছিং আদিত বাহনবোৰ পাৰ্কিং কৰিব পাৰিব।