ক’ভিডে লৈছে জটিল ৰূপ, গোলাঘাটত হ’ব পাৰে লকডাউন; স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত!

IMG_20210703_091410

ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটত ক”ভিডৰ পৰিৱেশ অধিক জটিলৰ দিশে গতি কৰাৰ ফলত সষ্টম হৈ উঠিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন। ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবেই মাজ নিশা পৰ্যন্ত স্বাস্থ্যমন্ত্ৰীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰে পৰ্যালোচনা সভা।

জিলাখনৰ বোকাখাতত ক’ভিড সংক্ৰান্তীয় পৰ্যালোচনাৰ পিছতেই নিশা  গোলাঘাটত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

গোলাঘাটত বৃহস্পতিবাৰৰ দিনটোতে আৰক্ষীয়ে ক’ভিড প্ৰ’ট’কল নমনা সকলৰ বিৰুদ্ধে জৰিমণা বিহিলে প্ৰায় দুই লাখ টকা। ই জিলাখনৰ বাবে এক চিন্তনীয় বিষয়।

নিশা ১২ বজালৈকে জিলা স্বাস্থ্য বিভাগ, প্ৰশাসন তথা আৰক্ষীৰ লগত স্বাস্থ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

পৰ্যালোচনা সভাত গোলাঘাট জিলাত বিভিন্ন জনে লকডাউন হোৱাটো বিচাৰিছে আৰু এই তথ্য মুখ্যমন্ত্ৰীক জনোৱা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে।

এই বিষয়ত কি সিদ্ধান্ত হয় সেয়া দুই এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব বুলিও জনায় স্বাস্থ্যমন্ত্ৰী মহন্তই।

ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক সহযোগিতা কৰিবলৈ স্বাস্থ‌্যমন্ত্ৰী কেশৱ মহন্তই জনতাৰ প্ৰতি আহ্বান জনাইছে।

গোলাঘাট ক’ভিড চিকিৎসালয়ত এসপ্তাহত কাৰ্যক্ষম হ’ব আৰু ১০খন বিচনাৰ আইচিইউ, দুই এদিনতে নিৰ্মাণৰ কাম আৰম্ভ হ’ব শিশু আইচিইউৰ। সেইদৰে, ৩০ খন বিচনাত অতিৰিক্তভাৱে কৰা হ’ব অক্সিজেনৰ ব্যৱস্থা।

আনহাতে, ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ক’ভিড কেয়াৰ চেণ্টাৰক ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় পৰ্যালোচনা সভাত।

সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ জিলাখনতে আৰক্ষী, প্ৰশাসনক অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভতো আলোচনা হয়। গোলাঘাট জিলাত ক’ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হৈছে।

পৰ্যালোচনা সভাত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া।