NORTHEAST NOW (Assamese)

শহুৰেকক মদ খুৱাই শাহুৰেকক পলুৱাই নিলে জোৱায়েকে

January 6, 2023 10:13 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 6, 2023 10:19 am

ভাৰতৰ ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা। ৰাজস্থানৰ এগৰাকী  ২৭ বছৰীয়া ব্যক্তি প্ৰেমত পৰে নিজৰ ৪০ বছৰীয়া শাহুৱেকৰ ।  অৱশেষত শেষ সিদ্ধান্ত। পলুৱাই লৈ যায় নিজৰে পত্নীৰ মাকক।

খবৰ অনুসৰি শেহতীয়াকৈ এজন ব্যক্তিয়ে ৰাজস্থানৰ ছিৰোহীৰ আনদৰা থানা অঞ্চলৰ নাৰায়াণ স্বামী নামৰ ব্যক্ত গৰাকীলৈ বিয়া দিয়ে নিজৰ কন্যাক। তেতিয়াৰ পৰাই নাৰায়ণ স্বামী তেখেতৰ ঘৰলে পত্নীৰে সৈতে অহা যোৱা কৰি থাকে।

কিন্তু এই অহা-যোৱাবোৰৰ মাজতে নাৰায়ণৰ শাহুৱেকৰ লগত গোপনে গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্কৰ। কোনেও তলকিব নোৱাৰাকৈয়ে দীৰ্ঘদিন নিজৰ পত্নী আৰু শহুৰেকৰ চকুত ধূলি দি নাৰায়ণে শাহুৰেকৰ লগত চলাই থাকে প্ৰেম।

যোৱা ৩০ ডিচেম্বৰত পুনৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহে নাৰায়ণ। নতুন বছৰৰ প্ৰাকক্ষণত জোৱাই আৰু শহুৰে মিলি কৰে দেশীয় সুৰাৰ গলাধকৰণ।  সিদিনা টেঙৰ নাৰায়ণে খুব কম মদ খালেও নাৰায়ণে শহুৰেকক ডিঙিলৈকে খুৱাই দিয়ে মদ। জোৱায়েকে মৰমতে ডিঙিলৈকে খোৱাই দিয়া সুৰাৰ নিচাত অজ্ঞান হৈ পৰে শহুৰেক।  সেই সুযোগতেই জোৱাই নাৰায়ণে পলুৱাই লৈ যায় শাহুৰেকক।

কেইঘণ্টামান পিছত মদৰ নিচাত ফটাত শহুৰেকে দেখে যে ঘৰত নিজৰ পত্নী আৰু জোৱাই নাই। সোধা-পোছাত তেওঁ গম পায় যে তেওঁৰ পত্নী জোঁৱায়েকৰ সৈতে পলাই গৈছে।

জোৱাই আৰু পত্নীৰ কৰ্মকাণ্ডত পুনৰ অচেতন হৈ পৰে নাৰায়ণৰ শহুৰেক। অৱশেষত আনদৰা থানাত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে ভুক্তভোগী শহুৰেকে।

Related News