এইবাৰ ৰোগীৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ চেষ্টা এগৰাকী চিকিৎসকৰ। এগৰাকী মহিলা ৰোগীৰ লগত নিজৰ চেম্বাৰত যৌন সম্ভোগৰ চেষ্টা চিকিৎসকগৰাকীৰ।
অভিযোগ অনুসৰি ৰোগীৰ চিকিৎসা পৰীক্ষা কৰাৰ সময়ত চেম্বাৰৰ দুৱাৰ বন্ধ কৰি মহিলাগৰাকীৰ লগত যৌন সম্পৰ্ক স্থাপনৰ চেষ্টা কৰে চিকিৎসকগৰাকীয়ে।
অৱশেষত মহিলাগৰাকীৰ স্বামীয়ে এই কথা গম পাই চেম্বাৰত প্ৰৱেশ কৰি চিকিৎসকৰ যৌনাংগত চোকা অস্ত্ৰৰে আঘাত কৰে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুটত। আৰক্ষীয়ে জনোৱা মতে, চিকিৎসকগৰাকীয়ে দীৰ্ঘদিন ধৰি এগৰাকী মহিলা ৰোগীৰ সৈতে অশ্লীল আচৰণ কৰি আহিছিল। প্ৰেমৰ প্ৰস্তাৱ দি জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে এই নিৰ্যাতন সন্দৰ্ভত মহিলাগৰাকীয়ে স্বামীৰ ওচৰত অভিযোগ দিয়াৰ পিছতে স্বামীয়ে চৰম পদক্ষেপ গ্ৰহণ কৰি চিকিৎসকৰ যৌনাংগত আক্ৰমণ কৰে।
মহিলাগৰাকীৰ স্বামী আৰু ভাতৃয়ে চেম্বাৰ ভাঙি পেলোৱাৰ লগতে চিকিত্সকক মাৰপিট কৰে। ৰক্তাক্ত অৱস্থাত চিকিৎসকজনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত দিল্লীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চিকিৎসকগৰাকী। আনহাতে মাৰপিটৰ লগত জড়িত মহিলাগৰাকীৰ স্বামী আৰু দুই ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।