NORTHEAST NOW (Assamese)

এটাৰ পিছত আন এটা ঘটনাই কঁপাইছে গোলাঘাট, দাৰে ঘপিয়াই তিনিজনক হত্যাৰ চেষ্টা সুৰাপায়ীৰ

August 5, 2023 9:32 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 5, 2023 7:37 pm

এটাৰ পিছত আন এটা হত্যাকাণ্ডই জোকাৰি গৈছে গোলাঘাট জিলাখনক। শুকুৰবাৰে নিশা গোলাঘাটত সংঘটিত হৈছে আন এক নৃশংস ঘটনা।

খবৰ অনুসৰি, গোলাঘাটৰ কমাৰবন্ধাত শুকুৰবাৰে নিশা মহেন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে নিজৰ শাহু,পত্নীৰ ভাগিন আৰু এজন চুবুৰীয়াক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে।

এই ভয়ানক ঘটনাত অভিযুক্ত মহেন্দ্ৰ শইকীয়া নিজেও আহত হয় বুলি জানিব পৰা গৈছে। 

খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি পত্নী ভাৰতী শইকীয়াৰ সৈতে কমাৰবন্ধাৰ ৰাইডঙ্গীয়া বামুণ গাঁৱৰ নিবাসী শ‌‌ইকীয়াই কাজিয়াত লিপ্ত হৈ আহিছে। ঘৰুৱা অশান্তিৰ বাবে নিজৰ ভগ্নীৰ বাসগৃহত আশ্ৰয় লৈ আছিল মহেন্দ্ৰ শ‌ইকীয়াৰ পত্নীয়ে।

মহেন্দ্ৰই পত্নীৰ ভগ্নীৰ ঘৰৰ পৰা নিজৰ পত্নীক ঘৰলৈ নিবলৈ চেষ্টা কৰিছিল যদিও সুৰাপায়ী স্বামীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা ভাৰতীয়ে যাবলৈ মান্তি হোৱা নাছিল। 

পত্নীৰ অস্বীকাৰ সহিব নোৱাৰি শুকুৰবাৰে সন্ধিয়া এখন দা লৈ পত্নীৰ ভগ্নীৰ ঘৰত প্ৰৱেশ কৰি শাহু ভনী শ‌ইকীয়া, ওচৰ চুবুৰীয়া বুল ৰাভা আৰু বাই শাহুৰ পুত্ৰ ৰিংকু বৰাক ডিঙি আৰু ভৰিৰ বিভিন্ন অংশত ঘপিয়াই আহত কৰে সুৰাপায়ী মহেন্দ্ৰ শ‌ইকীয়াই।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ওচৰৰ লোক গোট খাই ততালিকে মহেন্দ্ৰৰ হাতৰ পৰা দা খন কঢ়াৰ চেষ্টা কৰোতে মহেন্দ্ৰও আঘাত প্ৰাপ্ত হয়। শেষত ৰাইজে মহেন্দ্ৰক কাষৰে এজোপা গছত বান্ধি থয়‌ আৰু তিনি আহতক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় আৰু গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

জানিব পৰা মতে, আহত ব্যক্তি সকলৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয়।

লগতে পঢ়কঃ হোটেলত ওলমি থকা অৱস্থাত উদ্ধাৰ বিজেপি নেতা। হত্যা নে আন কিবা? বাঢ়িছে ৰহস্য

লগতে পঢ়কঃ শৰীৰৰ কোন অংশত তিল থাকিলে কি হয়? শৰীৰত থকা তিলৰ অৱস্থানে নিৰ্ণয় কৰিব আপোনাৰ ভাগ্য

লগতে পঢ়কঃ গৰু বেপাৰীৰ ঘোচ খাই চাকৰি গ’ল নগাঁৱৰ আৰক্ষী বিষয়াৰ

Related News