• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2022 8:49 am
201
VIEWS
Share on FacebookShare on Twitter

প্ৰথমে সাপ, তাৰ পিছত নুমাল ফ্লাডলাইট। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন টী-২০ খেল বাৰে বাৰে ব্যাহত হৈছিল। ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাৰ সন্মুখীন হ’ব লগা হ’ল গুৱাহাটী।

প্ৰথমতে ভাৰতৰ ইনিংছৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাৰ বাবে খেলখন বন্ধ কৰিব লগা হৈছিল। তাৰপিছত দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ সময়ত আকৌ ফ্লাডলাইট বন্ধ হৈ যায়।

দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ তৃতীয় অভাৰত খেলপথাৰৰ ফ্লাডলাইট হঠাতে বন্ধ হৈ পৰে। ফলত খেলখন কিছু দীঘলীয়া সময়ৰ বাবে বন্ধ কৰিবলগীয়া হয়। পিছত লাহে লাহে পোহৰ অহাত খেলখন পুনৰ আৰম্ভ হয়।

২ অভাৰ আৰু ১ টা বল কৰাৰ পিছতে লাইটবোৰ বন্ধ হৈ গৈছিল। সাপৰ প্ৰৱেশ আৰু ফ্লাডলাইট নুমাই যোৱা এই দুটা পৰ্যায়ত প্ৰায় ২৩ মিনিটৰ বাবে বন্ধ হয় খেল।

https://twitter.com/Yoloapp2/status/1576575226661347329?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1576575226661347329%7Ctwgr%5E273e6f877c038166a7e4b79718f58f6ea820bf9f%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcricxtasy.com%2Fwatch%2Fsnake-on-the-outfield-ind-sa-t20i-series-guwahati%2Fcid8681921.htm

অৱশ্যে, খেলপথাৰত ফ্লাডলাইট বন্ধ হোৱাৰ ঘটনা কোনো নতুন কথা নহয়। এইটো প্ৰায়েই ঘটি থাকে। দৰ্শকে অতীতত বহুবাৰ এনে দৃশ্য প্ৰত্যক্ষ কৰিছে। কিন্তু এখন আন্তৰ্জাতিক মানদণ্ডৰ ক্ৰিকেট খেলৰ মাজতে খেলপথাৰত কুকুৰ বা মেকুৰী নহয়, এটা সাপ প্ৰৱেশৰ ঘটনাত স্তম্ভিত সকলো।

Snake 🐍 in the House #INDvsSA pic.twitter.com/CllrcwSfcJ

— Ashwani JP Singh (@ashwanijpsingh) October 2, 2022

ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামতে বৰষুণ বিঘ্নিত এখন খেলত মোবাইল ফ্লাচ জ্বলাই, ইষ্ট্ৰীৰে পিটছ শুকোৱাবলৈ কৰা চেষ্টাৰ দৃশ্যই ক্ৰিকেট মহলত সৃষ্টি কৰা কৌতুকৰ কথা সকলোৰে নিশ্চয় মনত আছে।

এখন আন্তৰ্জাতিক মেচ অনুষ্ঠিত কৰাৰ খেলত যিধৰণৰ পানী নসৰকা প্ৰস্তুতিৰ প্ৰয়োজন সেয়া সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকলেহে নিশ্চিত কৰিব পাৰে। অসম ক্ৰিকেট সন্থাকলৈ সেয়া কেতিয়া আশা কৰিব পৰা যাব  সেই প্ৰশ্ন এতিয়া ক্ৰীড়াপ্ৰেমী সকলৰ মুখে মুখে। নহ’লে বাৰেপতি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাৰ ৰেকৰ্ড গঢ়িব লাগিব।   

Floodlight has stopped play ! pic.twitter.com/0Pzb4TvtDp

— Pawan Patil ✨️ (@SportyPawan) October 2, 2022

যি কি নহওক, দেওবাৰে বৰ্ষাপাৰাৰ এই সকলো লজ্জাৰ সাক্ষী হোৱা দৰ্শকে অৱশেষত ‘কিলাৰ’ৰ ৰূপত ‘মিলাৰ’ৰ ধুমুহাৰ সাক্ষী হৈ অভিভূত হৈ পৰে। সকলোৱে ডেভিদ মিলাৰৰ চকুত লগা সুন্দৰ ইনিংছটো উপভোগ কৰিলে। মিলাৰে ধুমুহাৰ গতিত বেটিং কৰি নিজৰ দলটোক প্ৰায় বিজয়ৰ ওচৰলৈ লৈ গৈছিল।

অলপৰ বাবে মিলাৰ লক্ষ্য অতিক্ৰমত ব্যৰ্থ হ’ল। মিলাৰে ৪৭ টা বলত ১০৬ ৰাণ কৰি অপৰাজিত থাকে। তেওঁ ইনিংছত ৮ টা চাৰি আৰু ৭ টা ছয় মাৰে। ষ্ট্ৰাইক ৰেট ২২৫.৫৩। ডি ককে ৪৮ টা বলত ৬৯ ৰাণ কৰি অপৰাজিত থাকে। অৱশ্যে ইমান যুঁজৰ পিছতো দক্ষিণ আফ্ৰিকাই খেলখন ১৬ ৰাণত হাৰিল।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd