শিৱসাগৰত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন

NestFoundation

নেষ্ট ফাউণ্ডেইশ্যনৰ উদ্যোগত শিৱসাগৰত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন। ফটো : ডেম্বিৰাম পাংগিং।

নেশ্যনেল এডুকেইশ্যনেল ছ’চিয়েল এণ্ড ট্ৰেডিশ্যনেল ন’লেজ ফাউণ্ডেইশ্যন, চমুকৈ নেষ্ট (NEST Foundation)ৰ উদ্যোগত অলপতে শিৱসাগৰত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন হৈ যায়।

যোৱা ৯ আগষ্টত গড়গাওঁ মেছ-কছাৰী সমাজৰ নামঘৰ প্ৰাংগণত এই দিৱসটো উপলক্ষে এটা দিনটীয়া কাৰ্য্যসূচী লোৱা হয়। অনুষ্ঠানটো আয়োজনত সহযোগ কৰে গুৱাহাটী য়ু এন আৰ চি, এন ই আৰু গড়গাওঁ মেছ-কছাৰী আত্মসহায়ক গোটে।

অনুষ্ঠানটোত অসম সাহিত্য সভাৰ অ’ এন জি চি শাখাৰ সভাপতি, কবি তুলিকা চেতিয়া য়েইন, শিৱসাগৰ জনজাতীয় মহিলা সমিতিৰ কাৰ্য্যবাহী সভানেত্ৰী বিদ্যা পাতিৰি, শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰেণু দৈমাৰী মেছ প্ৰমুখ্যে সমাজ, সাহিত্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বিভিন্নজনে দিৱসটোৰ তাৎপৰ্য্য আৰু বৰ্তমান খিলঞ্জীয়াসকলৰ অৱস্থাক সামৰি ভাষণ দিয়ে।

আনহাতে নেষ্ট ফাইণ্ডেইশ্যনৰ মুখ্য সমন্বয়ক ডেম্বিৰাম পাংগিঙে নিজৰ ভাষণত কয়, “সামাজিক উত্তৰণ আৰু পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণৰ যোগেদিয়ে খিলঞ্জীয়াসকলৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব আৰু তাৰ কাৰণে সজাগ আৰু সচেতনতাৰ প্ৰয়োজন।”

মন কৰিব লগীয়া যে শিৱসাগৰত নেষ্ট ফাউণ্ডেইশ্যনে বিভিন্ন সামাজিক কাম-কাজ কৰি আহিছে, বিশেষকৈ জনজাতীয় লোকসকলক সামাজিকভাৱে আগুৱাই আনিবলৈ এই বেচৰকাৰী সংস্থাটোৱে নিঃস্বাৰ্থভাৱে কাম কৰি আহিছে।