ভাৰতৰে সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আফগান সাংবাদিকৰ

ভাৰত আৰু আফগানিস্তানৰ সম্পৰ্ক প্রাচীন আৰু সৌহাদ্যপূৰ্ণ। এই সম্পৰ্ক অধিক  সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উদ্যোগ লোৱাটো আফগান জনসাধাৰনে কামনা কৰে – এই মন্তব্য আফগানিস্তানৰ জ্যেষ্ঠ সাংবাদিক আব্দুল মজিদ খালভাটগাৰৰ।

ৰাজধানী চহৰ কাবুলৰ পৰা দেওবাৰে অৰ্থাৎ ৩ মাৰ্চত এক ভিডিও কনফাৰেঞ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলক উদ্দেশ্যি মুজিবে আৰু কয় যে আফগান ন- শিকাৰু আৰু বিভিন্ন ৰোগত আক্রান্ত ব্যক্তিৰ বাবে ভৰত অন্যতম গান্তব্য স্থল ৰূপে বিবেচিত হৈছে।

তেওঁ লগতে কয় যে যুদ্ধ-বিধ্বস্ত আফগানিস্তানৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্র অত্যন্ত শোচনীয় অৱস্থাত আছে। সেয়ে বন্ধুত্বৰ খাতিৰতে  সাহায্যপ্ৰাৰ্থী আফগান সকলক ভাৰতে ইতিবাচক সহাঁৰি জনাব লাগে।

নিজ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা ব্যাখ্যা কৰি মুজিবে তালিবান আৰু চৰকাৰৰ শান্তি প্ৰক্ৰিয়া বাৰে বাৰে ব্যাঘাত হোৱাৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ পাকিস্তানৰ অস্থিৰতাই এই আলোচনাত পুনৰ  বাধাৰ সৃষ্টি কৰিছে, কাৰণ তালিবান আৰু মাৰ্কিন  চৰকাৰৰ মাজৰ আলোচনাত মধ্যস্থতাকাৰী হিচাপে আছে ইছলামবাদৰ প্ৰশাসন।

ভাৰত-পাকিস্তানৰ মাজৰ সংঘাতৰ কথা উল্লেখ কৰি মুজিবে স্পষ্ট ভাবে কয় যে নিজক সুৰক্ষা দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতবাসীৰ। সেয়েহে পাকিস্তানৰ আশ্ৰয়ত থকা সন্ত্ৰসবাদী সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নতুন দিল্লীক বিভিন্ন ৰাষ্ট্ৰই সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে।

পাকমদত পুষ্ট সন্ত্ৰাসবাদী সকলৰ দ্বাৰা ভাৰতৰ লগতে আফগানিস্তানো সমানেই ক্ষতিগ্ৰস্ত বুলি উল্লেখ কৰি মুজিবে নতুন দিল্লী আৰু কাবুলৰ মাজত অধিক দৃঢ় কূটনৈতিক সম্পৰ্কৰ পোষকতা কৰে। শেহতীয়াকৈ ইৰাণৰ চাবাহৰ বন্দৰৰ জৰিয়তে আফগানিস্তান আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্পর্কৰ শুভাৰম্ভত মুজিবে সন্তোষ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা পাকিস্তানৰ অস্থিৰতাই এতিয়াৰে পৰা এই বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব।

হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিক নিজ দেশত প্ৰচুৰ জনপ্ৰিয় বুলি উল্লেখ কৰি মুজিবে লগতে জনাই যে এনে বহু ধাৰাবাহিক স্থানীয় ভাষাত ডাব কৰি কেব’ল চেনেলৰ যোগেৰে তেওঁলোকৰ দেশত প্ৰচাৰ কৰা হয়।

আফগান মহিলা সকলে হিন্দী ধাৰাবাহিকত ভাৰতীয় মহয়সী সকলৰ কাহিনী শুনিবলৈ ব্যগ্ৰ হৈ থাকে। সেয়ে বেছিভাগ আফগান জিয়ৰীয়ে ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

শেহতীয়াকৈ আফগানিস্তানত মহিলা শিক্ষাৰ হাৰ বৃদ্ধি পোৱা বুলি জনাই মুজিবে কয় যে  তেওঁলোকৰ বেছিভাগেই ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰে।

এই প্ৰসংগতে তেঁও আফগানিস্তানত বাতৰি কাকত আৰু নিউজ চেনেলৰ প্ৰভাৱ লাহে লাহে জনসাধাৰণৰ মাজত হ্ৰাস পোৱাৰ কথা দোহাৰে। তাৰ ঠাইত বিকল্প সংবাদ মাধ্যমৰ প্ৰতি আফগানিস্তানৰ নতুন প্ৰজন্ম আকৰ্ষিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।

শেষত তেঁও ভাৰতৰ পৰম্পৰাগত সংবাদ মাধ্যম আৰু আফগান সাংবাদিক সকলৰ মাজত অধিক  তথ্যৰ আদান- প্ৰদানত গুৰুত্ব আৰোপ কৰে। মুজিবৰ মতে গণতান্ত্ৰিক ভাৰতৰ ঐতিহ্যমণ্ডিত সংবাদমাধ্যমৰ পৰা আফগান যুৱ-সাংবাদিক সকলে অভিজ্ঞতা আহৰণৰ যথেষ্ট থল আছে।