মূলসুঁতিলৈ অহা ৭জন কেএলঅ’ বিদ্ৰোহীক গাহৰি পামৰ প্ৰশিক্ষণ প্ৰদান কোকৰাঝাৰ আৰক্ষীৰ

piggery-570x320

কোকৰাঝাৰ আৰক্ষীয়ে কেএলঅ’ সংগঠনৰ ৭গৰাকী সদস্যক গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈ মূলসুঁতিত মিলি যোৱাত সহায় কৰিছে। ‘কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন’ৰ ভূতপূৰ্ব ৭গৰাকী বিদ্ৰোহীক কোকৰাঝাৰৰ অন্তৰ্গত চন্দনপাৰা বিজুলীপাৰা এলেকাত গাহৰী পাম খোলাত কোকৰাঝাৰ আৰক্ষীয়ে সহায় কৰিছে।

শুকুৰবাৰে এই গাহৰি পামখন বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীব কুমাৰ ব্ৰহ্মই উদ্বোধন কৰে।

কেনেদৰে বিজ্ঞান সন্মতভাৱে গাহৰি পালন কৰিব লাগে ভূতপূৰ্ব বিদ্ৰোহীসকলক তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। বৰ্তমান গাহৰি পামখনত ১০ টা গাহৰি পালন কৰা হৈছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কৈছে যে গাহৰী পামখন ৰাজ্য চৰকাৰ আৰু কোকৰাঝাৰ আৰক্ষীৰ যুটীয়া উদ্যোগত ভূতপূৰ্ব বিদ্ৰোহীসকলক পুনৰ্বাসিত কৰাৰ বাবে গঢ়ি তোলা হৈছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে অস্ত্ৰ সম্বৰণ কৰা ভূতপূৰ্ব বিদ্ৰোহীসকলক মূৰ ওখ কৰি জীয়াই থকাত সহায় কৰাৰ বাবে আৰক্ষী প্ৰশাসনে সহায় কৰিব।

এগৰাকী ভূতপূৰ্ব বিদ্ৰোহীয়ে কৈছে, ‘‘ প্ৰথমতে আমি ১০ টা গাহৰি পুহিছিলোঁ। কোকৰাঝাৰ আৰক্ষীয়ে আমাক গাহৰিপালনৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে সহায়ো কৰিছে। আমি সফল হ’ম বুলি অত্মবিশ্বাসী হৈ পৰিছোঁ।

বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীব কুমাৰ ব্ৰহ্মই ভূতপূৰ্ব বিদ্ৰোহীসকলে গাহৰি পামখন আৰম্ভ কৰাৰ বাবে উচ্চ প্ৰশংসা কৰিছে। তেওঁ কয় যে এই পামখন বিপথে যোৱা যুৱকসকলক সমাজৰ মূলসুঁতিলৈ ওভোতাই অনাৰ বাবে এটা উদাহৰণ হৈ পৰক। বিটিচিয়ে সকলো ভূতপূৰ্ব বিদ্ৰোহীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।