কাব্যঋষিৰ অন্তিম যাত্ৰা! আজি বিয়লিয়েই মহানগৰীৰ ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

কাব্যঋষি নীলমণি ফুকনৰ আজি পুৱা ১১ বাজি ৫৫ মিনিটত দেহাৱ সান ঘটে। জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীৰ মহাপ্ৰয়ানত শোকস্তদ্ধ হৈ পৰিছে অসমৰ কাব্যপ্ৰেমীৰ লগতে সুধী সমাজ। কবিগৰাকীৰ উচ্ছা অনুসৰিয়েই আজি বিয়লি তেওঁৰ শেষকৃত্য মহানগৰীৰ ভূতনাথ শ্মশানত সম্পন্ন কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কবি গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ইতিমধ্যে কাব্যঋষিৰ নশ্বৰদেহ ভূতনাথ শ্মশানলৈ নিয়া হৈছে।

অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতাই প্ৰজন্মৰ পিছত প্ৰজন্মৰ মন মগজু আলোড়িত কৰি ৰাখিছে।  

কবি নীলমনি ফুকনৰ উল্লেখযোগ্য কবিতাপুথি সমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, আদি অন্যতম।

১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত নীলমণি ফুকনৰ জন্ম। তেওঁ ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক ১৯৮১ চনত তেওঁৰ ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ফুকনক৷

তদুপৰি, ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়৷ কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে ৷

১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি নীলমনি ফুকনে ১৯৯২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। কবিতাৰে মানুহৰ হৃদয় উদ্বেলিত কৰি চিৰকাল মানৱতাৰ জয়গান গোৱা অসমীয়া বৌদ্ধিক আকাশৰ মহানক্ষত্ৰৰ যেন আজি পতন ঘটিল।