পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপা-থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই

Kokrajhar

পুনৰাই পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত আজি ভূমিষ্ঠ হৈয়ে লপা থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়ন নামৰ নৱগঠিত ছাত্ৰসংগঠনৰ নেৰ্তৃবৰ্গই।

পৃথক বড়ো ৰাজ্যৰ দাবীত আজি ভূমিষ্ঠ হৈয়ে সংগঠনটোৱে সংবাদমেল পাতোতেই অথন্তৰ লাগিল।

উল্লেখ্য যে, পৃথক বড়ো ৰাজ্যৰ দাবীত কোকৰাঝাৰত আজি ভূমিষ্ঠ হৈছিল বড়ো নেশ্যেনেল ষ্টুডেন্ট ইউনিয়ন(BODO NATIONAL STUDENT UNION ) নামৰ নতুন অৰাজনৈতিক সংগঠন৷

এই উপলক্ষে কোকৰাঝাৰ চহৰৰ ওমশ্ৰী হোটেলৰ দ্বিতীয় মহলাত সংবাদমেল দিছিল নৱগঠিত ছাত্ৰ সংগঠনটোৱে৷ সংবাদমেলতে হঠাৎ চলিল আক্ৰমণ৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত একাংশ যুৱকে সংবাদমেল চলি থাকোতে BODO NATIONAL STUDENT UNION মুৰ্দাবাদ, গ’ বেক আদি ধ্বনি দি আকস্মিক প্ৰৱেশ কৰি আচবাব পত্ৰ ভাঙি লণ্ড ভণ্ড কৰে।

তদুপৰি নতুনকৈ ভূমিষ্ঠ হোৱা সংগঠনটোৰ নেৰ্তৃবৰ্গক শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনা সংক্ৰান্তত নৱগঠিত BODO NATIONAL STUDENT UNION ৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া ভুল বুজাবুজিৰ পৰিণতিত সংঘটিত হোৱা এক ঘটনা।

ইয়াৰ বিৰুদ্ধে বুলি গোচৰ তৰা হ’ব বুলি সদৰি কৰিছে BODO NATIONAL STUDENT UNION ৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে।

ইফালে, কোকৰাঝাৰ চহৰৰ ওমশ্ৰী হোটেলত আজি নৱগঠিত BODO NATIONAL STUDENT UNION গঠন হোৱা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিখিল বড়ো ছাত্ৰ সন্হা চমুকৈ এৱছুই৷

বড়োফা হাউছত আজি সন্ধিয়া এবছুৰ উপসভাপতি খৌৰমদাও বসুমতাৰীয়ে সংবাদমেল সন্মৰ্ধন কৰি বিএচ ইউৰ আৰু বিপিএফ দলৰ পোছাকধাৰি এচাম যুৱকে এবছুক প্ৰত্যাহ্বান দিৱলৈ নতুন ছাত্ৰ সংগঠন খুলিছে বুলি অভিযোগ কৰে৷

একমাত্ৰ ৰাজনীতিৰ লাভালাভৰ বাবে এচাম যুবকে এবছুৰ ভাৱমূৰ্তি বিনষ্ট কৰিব খুজি বড়ো ৰাইজক বিপথে নিবলৈ চক্ৰান্ত চলোৱা হৈছে বুলি অভিযোগ কৰে৷

এইক্ষেত্ৰত আজি উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এবছুৰ স্বেচ্ছাসেৱক কিছু উক্ত স্থানত বুজ ল’বলৈ যোৱা বুলি নেতা জনে স্বীকাৰ কৰাৰ লগতে কিছু অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা স্বীকাৰ কৰে৷

ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নতুন ছাত্ৰ সংগঠনৰ জন্ম দিয়াটো এবছুই কাহানিও প্ৰশয় নিদিয়ে আৰু যিসকলে ৰাজনৈতিক লাভালাভৰ বাৱে কাম কৰিব বিচাৰিছে তেওঁলোকক এনে কাৰ্যৰ পৰা আতৰি থকাৰ আহ্বান জনাইছে এবছুৱে।