NORTHEAST NOW (Assamese)

বিনামূলীয়া হুইল চেয়াৰ সেৱাৰ বাবদ প্ৰবাসী ভাৰতীয়ৰ পৰা লুটিলে ১০ হাজাৰ টকা ! কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰে’লৱেই

January 2, 2025 3:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 2, 2025 3:01 pm

প্ৰবাসী ভাৰতীয় সমুখীন হ’ল প্ৰৱঞ্চনাৰ ঘটনাটো এনেধৰণৰ যে, দিল্লীত এখন সৰু হুইল চেয়াৰ আৰু লাগেজ কঢ়িয়াই নিবলৈ ১০ হাজাৰ টকা লয় এগৰাকী কুলিয়ে। এক বা দুটকা নহয়, ১০ হাজাৰ টকা। সেই কথা গম পোৱাৰ পাছত ৰেলৱেৰ শ্ৰমিক সমাজৰ চকু কপালত উঠিল।

শেহতীয়াকৈ ৰেল কৰ্তৃপক্ষই দিল্লীৰ হজৰত নিজামুদ্দিন ৰেল ষ্টেচনত এজন কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। গোটেই ঘটনাটো কথা পাতিলেই গম পোৱা যায়। আৰক্ষীৰ মতে, কিছুদিন পূৰ্বে কুলিয়ে এজন প্ৰবাসী ভাৰতীয়ৰ লাগেজ আৰু হুইল চেয়াৰ প্লেটফৰ্মত ডেলিভাৰী কৰিছিল। যাৰ বাবে তেওঁ সেই প্ৰবাসী ভাৰতীয়ৰ পৰা ১০ হাজাৰ টকা লৈছিল।

প্ৰবাসী ভাৰতীয় যাত্ৰীগৰাকীৰ কন্যাই পাছত গম পায় যে ষ্টেচনত হুইল চেয়াৰ সেৱা বিনামূলীয়াকৈ উপলব্ধ। আৰু তাৰ পাছত তেওঁ গোচৰ ৰুজু কৰিলে। বিষয়টো ৰেলৱেৰ দৃষ্টিগোচৰ হয়। হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেচন কৰ্তৃপক্ষই ঘটনাৰ সত্যতা পৰীক্ষাৰ বাবে তদন্ত আৰম্ভ কৰে আৰু ঘটনা সত্য বুলি প্ৰমাণিত হোৱাৰ বাবে কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

ৰেলৱেৰ তথ্য অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সমান্তৰালকৈ প্ৰবাসী ভাৰতীয়ক ৯ হাজাৰ টকাও ঘূৰাই দিয়া হয়।

Related News