NORTHEAST NOW (Assamese)

প্ৰকাশ পালে ২০২৫ চনৰ চৰকাৰী বন্ধৰ তালিকা

December 7, 2024 6:07 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰকাশ পালে ২০২৫ চনৰ চৰকাৰী বন্ধৰ তালিকা। ২০২৫ বৰ্ষত ৩৬ দিনৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। তদুপৰি ২০২৫ বৰ্ষত এদিন অৰ্ধ ছুটী পাব চৰকাৰী কৰ্মচাৰীয়ে।

বন্ধৰ সূচীঃ

১৪ আৰু ১৫ জানুৱাৰী-মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস, ২৮ জানুৱাৰী- বাথৌ পূজা, ৩১ জানুৱাৰী- মেডাম-মে-ফি

১২ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱস

১৪ মাৰ্চ-দৌল যাত্ৰা, ৩১ মাৰ্চ- ঈদ-উল-ফিটৰ

১৪, ১৫ আৰু ১৬ এপ্ৰিল- বহাগ বিহু, ১৮ এপ্ৰিল- গুড ফ্ৰাইডে, ২১ এপ্ৰিল-সতী সাধনী দিৱস, ২৮ এপ্ৰিল- দামোদৰ দেৱৰ তিথি

১ মে– মে দিৱস, ১২ মে– বুদ্ধ পূৰ্ণিমা

৭ জুন- ঈদ-উল-জোহা, ১২ জুন- শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ

১৫ আগষ্ট- স্বাধীনতা দিৱস, ২৫ আগষ্ট- শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি

৩ ছেপ্টেম্বৰ- কৰম পূজা, ১২ ছেপ্টেম্বৰ- শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰ- জন্মাষ্টমী, ২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ- দূৰ্গা পূজা,

২ অক্টোবৰ- বিজয়া দশমী, শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ, মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ- কাতি বিহু, ২০ অক্টোবৰ- কালী পূজা আৰু দিপাৱলী ২৩ অক্টোবৰ- ভাতৃ দ্বিতীয়া, ২৮ অক্টোবৰ- ষট পূজা

৫ নৱেম্বৰ- গুৰু নানক জয়ন্তী, ২৪ নৱেম্বৰ- লাচিত দিৱস

২ ডিচেম্বৰ- অসম দিৱস, ২৫ ডিচেম্বৰ- বৰদিন

আনফালে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে থাকিব অৰ্ধছুটী।

প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

আলি আয়ে লৃগাং উপলক্ষে ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট,মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰযোজ্য হব সম্পূৰ্ণ বন্ধ।

২০ আৰু ২১ নৱেম্বৰত মাতৃ-পিতৃ বন্দনাৰ অধীন থাকিব দুদিনৰ বিশেষ ছুটী।

Related News