লণ্ডনস্থিত ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে (EIU) ভৱিষ্যতবাণী কৰিছে যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ৩০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সংসদীয় নিৰ্বাচনত শাসকীয় আৱামী লীগে সহজ বিজায় সাব্যস্ত কৰিব। আৱামী লীগৰ ১০ বছৰীয়া শাসনত বাংলাদেশৰ অৰ্থনীতি শক্তিশালী হোৱাৰ বাবে এয়া সম্ভৱপৰ হ’ব বুলি ইয়াত কোৱা হৈছে।
ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে আশা প্ৰকাশ কৰিছে যে শ্বেইখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগে এইবাৰৰ নিৰ্বাচনত জিকি তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিব। ইক’নমিষ্ট সংবাদপত্ৰৰ প্ৰকাশক ‘দ্য ইক’নমিষ্ট গ্ৰুপ’ৰ (The Economist Group) গৱেষণা আৰু বিশ্লেষণ শাখা ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে এই কথা প্ৰকাশ কৰিছে।
প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে আৱামী লীগৰ প্ৰশাসনৰ ভিতৰত বাংলাদেশৰ অৰ্থনৈতিক বিকাশ আৰু আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত হৈছে। এটা কাৰ্যকৰী বিৰোধী নিৰ্বাচনী অভিযান নথকা হেতুকে বিএনপি বা জাতীয় ঐক্য ফ্ৰণ্টৰ প্ৰত্যাহ্বান অতি সহজেই ওফোৰাই দিব পাৰিব।
আৰু পূৰ্বানুমান কৰা হৈছে যে দেশখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু শক্তিশালী হৈ থাকিব আৰু ২০১৮/২০২২/২৩ চনত যথাৰ্থ জিডিপি বছৰি ৭.৭ শতাংশ বৃদ্ধি পাব। এয়া সম্ভৱপৰ হ’ব ব্যক্তিগত উপভোক্তা বৃদ্ধি আৰু মুঠ স্থায়ী বিনিয়োগ যথেষ্ট বৃদ্ধি হোৱাৰ বাবে এয়া সম্ভৱপৰ হ’ব বুলি কোৱা হৈছে।
এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰী হাছিনাৰ খ্যাতি এটা প্ৰধান কাৰক হ’ব বুলিও কোৱা হৈছে। আৱামী লীগৰ বিজয়ে বৈদেশিক বিনিয়োগ বাহাল ৰখাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব বুলি কোৱা হৈছে। কিন্তু ৰহিঙীয়াসকলক লৈ ম্যানমাৰৰ সম্পৰ্ক তিক্ত হৈ থাকিব বুলিও প্ৰতিৱেদনটোত কোৱা হৈছে।
আমেৰিকাস্থিত ইণ্টাৰনেশ্যনেল ৰিপাব্লিকান ইন্সটিটিউটেও প্ৰধান বিৰোধী বিএনপিৰ অধ্যক্ষা খালেদা জিয়াক ২১ শতাংশ দিয়াৰ বিপৰীতে শ্বেইখ হাছিনাক ৬৬ শতাংশ অনুমোদন জনাইছে।
পাশ্চাত্যৰ আন আন প্ৰতিষ্ঠানৰ অপিনিয়ন পোলত হাছিনা আৰু তেওঁৰ দলে দেশখনৰ আগন্তুক সাধাৰণ নিৰ্বাচনত জয়ী হোৱাৰ অধিক আশা আছে বুলি প্ৰকাশ কৰিছে।