NORTHEAST NOW (Assamese)

টীয়কৰ ঔগুৰিত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

August 25, 2022 2:51 pm · এন ই নাও নিউজ, টীয়ক

টীয়কৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচোৱা চুমৈমৰাত কালি এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল।গাওঁখনৰ অনন্ত বৰুৱা ওৰফে ভাইকণ নামৰ এজন ম’হৰ গুৱালৰ মৃতদেহ এটা পিতনিত উদ্ধাৰ হৈছিল।

ইপিনে ঘটনাস্থলীত ভগামুখ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ঘটনাৰ তদন্ত অব্যাহত ৰাখি উক্ত নিশা পাঁচজন যুৱকক আটক কৰে যদিও আৰক্ষীৰ তদন্তত একে গাঁৱৰে মধু গগৈ নামৰ যুৱকজনে উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে।

অৱশ্যে কি কাৰণত এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই।

ইপিনে এই ঘটনাৰে অন্য কোনো লোক জড়িত থকাৰ সন্দেহ কৰি স্নিফাৰ ডগ ঘটনাস্থলীলৈ আনি আৰক্ষীয়ে অধিক তদন্ত কৰিছে।

Related News