NORTHEAST NOW (Assamese)

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীয়ে আদালতত সলনি কৰিলে বক্তব্য

July 17, 2024 2:30 pm · এন ই নাও নিউজ, গুৱাহাটী

মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত নতুন মোৰ আহিছে। এই গোচৰৰ অন্যতম মূল সাক্ষীয়ে আদালতৰ সন্মুখত নিজৰ বক্তব্য সলনি কৰিছে।

প্ৰতিবেদন অনুসৰি, হত্যাকাণ্ডৰ অন্যতম মূল সাক্ষী ৪৬ বছৰীয়া ব্যৱসায়ী মাদেতিৰা থিমায়াই আদালতত কয় যে তেওঁ আৰক্ষীৰ হেঁচাত প্ৰথমটো বক্তব্য দিছিল, য’ত তেওঁ ক’বলৈ বাধ্য হৈছিল যে হত্যাকাণ্ডৰ তেওঁ এজনক চিনি পায়৷

জনা যায় যে মাদেতিৰা থিমায়াই তেওঁৰ প্ৰথম বিবৃতিত কৈছিল যে তেওঁ এই হত্যাকাণ্ডৰ সৈতে জড়িত মহাৰাষ্ট্ৰৰ পৰা অহা একাংশ লোকৰ সৈতে বংগেৰাৰ সংস্পৰ্শত থকাৰ কথা জানিছিল আৰু তেওঁলোকে কৰ্ণাটকৰ এটা কাৰ্যালয়ত বংগেৰাক লগ পাইছিল।

অৱশ্যে শেহতীয়াকৈ কৰ্ণাটকৰ বিশেষ আদালতৰ সন্মুখত থিমায়াই দাবী কৰিছিল যে তেওঁৰ স্বীকাৰোক্তি হেঁচাত দিয়া হৈছে আৰু তেওঁ পূৰ্বৰ বক্তব্য প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত ৫৫ বছৰীয়া সাংবাদিক গৌৰী লংকেশক ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁৰ চোকা লেখা আৰু স্পষ্টবাদী দৃষ্টিভংগীৰ বাবে কৰ্ণাটকৰ পাঠকৰ মাজত জনপ্ৰিয় নাম আছিল।

গৌৰী লংকেশ সাপ্তাহিক ‘লংকেশ পত্ৰিকা’ৰ সম্পাদক আছিল। এই আলোচনীখনক ‘চৰকাৰ বিৰোধী’ বুলি গণ্য কৰা হৈছিল। সংঘ পৰিবাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তেওঁৰ কণ্ঠস্বৰ মতামতৰ বাবে গৌৰী লংকেশ কৰ্ণাটকৰ সোঁপন্থী শক্তিৰ অহৰহ লক্ষ্য হৈ আছিল।

তেওঁৰ হত্যাকাণ্ডৰ গোচৰত দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে লংকেশৰ হত্যাকাণ্ডক কঠোৰ হিন্দুত্ববাদী সংগঠন সনাতন সংস্থাৰ সৈতে জড়িত লোকে সংঘটিত কৰা ‘সংগঠিত অপৰাধ’।

উল্লেখযোগ্য যে এই গোচৰৰ তদন্তত এছ আই টিয়ে জানিব পাৰিছিল যে গৌৰী লংকেশক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল যুক্তিবাদী এম এম কলবুৰ্গীৰ হত্যাৰ অভিযোগত অভিযুক্ত একেটা সোঁপন্থী গোটৰ সদস্যই।

বেংগালুৰু আদালতত এছ আই টিয়ে দিয়া ফৰেনছিক প্ৰতিবেদনত কলবুৰ্গী আৰু গৌৰী লংকেশৰ হত্যাকাণ্ডত ব্যৱহৃত বন্দুকটো একেই বুলি প্ৰকাশ পাইছিল। ২০১৮ চনৰ নৱেম্বৰ মাহত এছ আই টিয়ে প্ৰধান দেৱানী আৰু অধিবেশন আদালতত ৯,২৩৫ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল, য’ত ১৮ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছিল।

Related News