NORTHEAST NOW (Assamese)

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ : ২ নিৰীহ গঞাৰ শিৰচ্ছেদ কৰিলে মাওবাদীয়ে

September 2, 2025 5:21 pm · এন ই নাও নিউজ, গুৱাহাটী

আৰক্ষী বাহিনীৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত দুই নিৰীহ লোকক ডিঙি কাটি হত্যা কৰিছে মাওবাদীয়ে। ছত্তীশগড়ৰ  সুকমা জিলাৰ কেৰালাপাল থানাৰ ছিৰছেটি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে গভীৰ নিশা মাওবাদীয়ে হঠাতে ছিৰছেটি গাঁৱত আক্ৰমণ চলায়। গাঁৱৰ পৰা দেৱেন্দ্ৰ পদমী আৰু পজা পদমী নামৰ দুজন লোকক ধৰি লৈ যায় মাওবাদীয়ে।

দুয়োজন লোকক জংঘলৰ মাজলৈ নি শিৰচ্ছেদ কৰে মাওবাদীয়ে। আৰক্ষীৰ হৈ দুয়োজনে চোৰাংচোৱাগিৰি কৰা বুলি গাঁওবাসীয়ে অৱগত কৰিছে। যাৰ বাবে তেওঁলোকক শাস্তি দিয়া হৈছে।

দুয়োকে হত্যা কৰাৰ উপৰিও মাওবাদীয়ে গাঁৱৰ আৰু দুজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰে। তেওঁলোকৰ অৱস্থা অতি গুৰুতৰ।

সুকমা আৰক্ষী অধীক্ষক কিৰণ চাভানে জনোৱা মতে, গাঁওবাসীৰ পৰা হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দল গাঁওখনলৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। তালাচী অভিযানো চলি আছে।

উল্লেখ্য যে আৰক্ষীৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত যোৱা সপ্তাহত লক্ষ্মণ বৰছে নামৰ এজন ৩০ বছৰীয়া শিক্ষকক হত্যা কৰিছিল মাওবাদীয়ে।

ইয়াৰ পূৰ্বে ১৪ জুলাইত বিজাপুৰ জিলাৰ ফাৰছেগড় অঞ্চলত মাওবাদীয়ে দুজন শিক্ষাবিদকো একে কাৰণত হত্যা কৰিছিল।

তাৰ আগেয়ে ১৯ ফেব্ৰুৱাৰীত একে কাৰণতে দন্তেৱাড়া জিলাত এজন শিক্ষাবিদক হত্যা কৰা হৈছিল।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মাওবাদীয়ে সুকমা জিলাত দুৰহী অৰ্জুন নামৰ এজন শিক্ষাবিদক হত্যা কৰিছিল।

খবৰ অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে মাওবাদীয়ে ৩৫ জন লোকক হত্যা কৰিছে।

Related News