চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

এসময়ত অসমৰ শিক্ষা-দীক্ষা বা জ্ঞান-বিজ্ঞানৰ বিকাশত অসমৰ পৰা ওলোৱা আলোচনী আৰু বাতৰিকাকতৰ এক বিশেষ ভূমিকা আছিল। ঊনবিংশ শতিকাত খৃষ্টান মিছনেৰী সকলে উলিওৱা ‘অৰুনোদই’ কাকতে অসমত আধুনিক ধ্যান-ধাৰণা আৰু শিক্ষা-দীক্ষাৰ প্ৰসাৰত কেনে ভূমিকা লৈছিল আমি সকলোৱে জানো। আধুনিক অসমীয়া ভাষাৰ বিকাশ আৰু শ্ৰীবৃদ্ধিত ‘অৰুনোদই’ৰ ভূমিকা আছিল একক আৰু অনন্য।সেয়া আছিল ঊনবিংশ শতিকাৰ কথা।

কিন্তু, দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়তো অসমীয়া কাকত-পত্ৰৰ ভূমিকা গৌৰৱোজ্জ্বল আছিল। অসমীয়া জাগ্ৰত চেতনাৰ প্ৰতিভূ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৯ চনৰ পৰা ১৯২৮ চনলৈ ‘চেতনা’ সম্পাদনা কৰিছিল। সেই সময়ত তেওঁ উদাত্ত কন্ঠেৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ হকে মাত মাতিছিল আৰু বৃটিছৰ বিৰুদ্ধে গান্ধীজীৰ অহিংস আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। ঠিক তেনেদৰে ৰাইজৰ হৈ মাত মাতিছিল তাৰ অগা-পিছাকৈ ওলোৱা ‘আৱাহন’ (১৯২৯-৪২), ‘জয়ন্তী’ (১৯৩৮-৪১) আৰু ‘পছোৱা’ (১৯৪৮-৪৯) আদি কাকত-আলোচনীয়ে। দেশ স্বাধীন হোৱাৰ পিছতো অসমৰ পৰা ওলোৱা ইংৰাজী আৰু অসমীয়া বাতৰিকাকতৰ ভূমিকা আছিল সাহসী আৰু প্ৰশংসনীয়। ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত ভাৰতত উদ্ভৱ হোৱা বিশেষ পৰিস্থিতিৰ বাবে দেশত ‘জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰিছিল। সেই সময়ত ব্যক্তি-স্বাধীনতা খৰ্ব কৰা হৈছিল আৰু সংবাদপত্ৰৰ ওপৰতো নিষেধাজ্ঞা (censorship) জাৰি কৰা হৈছিল। তেতিয়াও কিন্তু অসমৰ পৰা ওলোৱা ‘The Assam Tribune’, ‘দৈনিক অসম’ আৰু ‘দৈনিক জনমভূমি’য়ে চৰকাৰী বাধা-নিষেধ নতশিৰে মানি লোৱা নাছিল। তাৰ পিছৰ গুৰুত্বপূৰ্ণ ঘটনাটো আছিল ছবছৰীয়া অসম আন্দোলন। অসম আন্দোলনত সমালোচনা কৰিবলগা একো নাছিল তেনে নহয়। সেইটো এক বেলেগ কথা।কিন্তু, সেই সময়ত অসমৰ পৰা ওলোৱা প্ৰায় সকলোবোৰ বাতৰিকাকতে চৰকাৰৰ দমন-পীড়নলৈ ভয় নকৰাকৈ অসম আন্দোলন সমৰ্থন কৰিছিল। তেতিয়াৰ ‘দৈনিক অসম’ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই ‘অসম আন্দোলন মোৰ সৃষ্টি’ বুলি কৈ গৌৰৱ কৰিছিল। গতিকে বৃটিছৰ দিনতে হওক বা দেশীয় চৰকাৰৰ দিনতে হওক অসমৰ সংবাদপত্ৰই কেতিয়াও চৰকাৰৰ বশ্যতা স্বীকাৰ কৰি লোৱা নাছিল।

তাৰ বিপৰীতে এতিয়া আমি কি দেখিছোঁ? ‘জৰুৰীকালীন অৱস্থা’ৰ সময়ত সংবাদপত্ৰৰ ওপৰত নিষেধাজ্ঞা (Press Censorship) আছিল। এতিয়া বাতৰিকাকত বা প্ৰচাৰ মাধ্যমৰ ওপৰত দেখদেখকৈ তেনে কোনো চৰকাৰী বাধা-নিষেধ নাই।তথাপিও সৰ্বত্ৰ যেন এক অজান আশংকা আৰু ভয়। বাতৰিকাকতৰ কাম হৈছে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি, সত্যৰ পক্ষলৈ চৰকাৰৰ ভুল-ত্ৰুটি আঙুলিয়াই দিয়া। কিন্তু, এতিয়া যেন সেই পৰম্পৰাৰ সলনি হৈছে। এতিয়া যেন সকলো কথাতে চৰকাৰৰ সুৰত সুৰ মিলোৱাটোৱেই সংবাদপত্ৰ আৰু প্ৰচাৰ মাধ্যমৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। এতিয়া ৰাইজৰ লগত নহয়, চৰকাৰৰ লগতহে ‘মিলে সুৰ তোমহাৰা হামাৰা’। এইটো এই কাৰণেই হৈছে যে এতিয়া কেন্দ্ৰত ক্ষমতাত থকা বিজেপি চৰকাৰে কোনেও তেওঁলোকৰ কাম-কাজৰ সমালোচনা কৰাটো নিবিচাৰে। তেওঁলোকে কোনো সমালোচনা শুনিব নোখোজে। তেওঁলোকে ভাবে চৰকাৰ মানেই দেশ। দেশ মানেই চৰকাৰ। তেওঁলোকৰ মতে চৰকাৰক সমালোচনা কৰা মানে দেশক সমালোচনা কৰা। গতিকে চৰকাৰক যিয়ে সমালোচনা কৰে তেওঁ হ’ল দেশদ্ৰোহী। এইটোৱে যেন একমাত্ৰ সত্য আৰু বাকী সকলো মিথ্যা। এক অদ্ভুদ যুক্তি। কিন্তু, যিয়ে এই যুক্তি মানিব তেওঁলোক চৰকাৰৰ দ্বাৰা পুৰস্কৃত হ’ব আৰু যিয়ে নামানিব তেওঁলোক চৰকাৰৰ দ্বাৰা তিৰস্কৃত হ’ব। চৰকাৰৰ ৰোষত পৰিব। এই এটা পৰিবেশে এতিয়া দেশ ছানি ধৰিছে।অসমো তাৰ ব্যতিক্ৰম নহয়। আৰু এটা কথা হৈছে। দেশত যাতে পেছাদাৰী মনোভাবলৈ কোনো স্বাধীনচেতীয়া সংবাদপত্ৰ বা টিভি চেনেল বাচি থাকিব নোৱাৰে তাৰো এটা বাতাবৰণ সৃষ্টি কৰা হৈছে। তাৰ শেহতীয়া উদাহৰণ হ’ল-আদানীৰ এন ডি টি ভি অধিগ্ৰহণ। আজি কেইদিনমান আগতে তেনে এটা ঘটনা অসমতো ঘটিছে। অসমৰ বিশেষকৈ উজনি অসমত আজি কেইবছৰমান আগলৈ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে পোৱা ‘দৈনিক জনমভূমি’ কাকতখনৰ মালিকীস্বত্ব এতিয়া সলনি হ’ল। কোনে এই বাতৰিকাকতখন কিনিছে আমি সকলোৱে জানো। কিন্তু,কাৰ নিৰ্দেশত কেনেকৈ এই ঘটনাটো ঘটিল সেইলৈও মানুহৰ মাজত বু-বা চলিছে। এটা কথা ঠিক যে আজিৰ প্ৰচাৰ মাধ্যম এক প্ৰযুক্তিগত প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। কিন্তু, প্ৰচাৰ মাধ্যমৰ অস্তিত্বৰ সংকট কেৱল প্ৰযুক্তিৰ প্ৰত্যাহ্বানৰ পৰাই অহা নাই। চৰকাৰৰ নেগুৰত ধৰি সংবাদ পৰিবেশন কৰা বাবেহে প্ৰচাৰ মাধ্যমে আজি জন-সমৰ্থন হেৰুৱাইছে। আমি চকুৰ আগতে দেখিলোঁ সকলো কথাতে চৰকাৰক সমৰ্থন কৰা কাৰণে কেনেকৈ ‘দৈনিক জনমভূমি’ গ্ৰাহকৰ আস্থা হেৰুৱাই তিলতিলকৈ মৃত্যু মুখলৈ আগবাঢ়িল। অসমৰ বাকী কাকত আৰু টি ভি চেনেলবোৰো এতিয়া চৰকাৰী তোষামোদত ব্যস্ত। কোনোৱে জানিবা দেখদেখকৈ চৰকাৰক সমৰ্থন কৰে আৰু কোনো কোনোৱে জানিবা সেই কামটোকে কায়দা কৰি কৰে। কিন্তু, ৰাইজে সকলো জানে। কোনো কথা চিৰদিনৰ বাবে ৰাইজৰ পৰা লুকাই ৰাখিব নোৱাৰি। আৰু এটা কথা, অসমীয়া প্ৰচাৰ মাধ্যমৰ এই দুৰ্দশা কেৱল প্ৰচাৰ মাধ্যমৰ দুৰ্দশাই নহয়, ই অসমীয়া মধ্যবিত্ত আৰু অসমীয়া জাতীয়তাবাদৰো দুৰ্দশা।