NORTHEAST NOW (Assamese)

অসমবাসীয়ে য’ত বিচাৰে তাতেই ৰখা হ’ব ‘ভাৰত ৰত্ন’ : তেজ হাজৰিকা

August 11, 2019 7:04 pm · এন ই নাও নিউজ
তেজ হাজৰিকা। ফটো : য়ুবি

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাক লৈ পুত্ৰ তেজ হাজৰিকাই ভাৰত চৰকাৰক ধন্যবাদ জনাইছে।

আজি গুৱাহাটীত উপস্থিত হৈ সাংবাদিকৰ আগত তেজ হাজৰিকাই তেওঁৰ দেউতাকক মৰণোত্তৰ ভাৱে হ’লেও দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে অসমবাসীৰ নিৰন্তৰ সমৰ্থনৰ বাবে ৰাজ্যবাসীকো ধন্যবাদ জনায়।

উল্লেখ্য যে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই যোৱা ৮ আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা সুধাকণ্ঠক দিয়া ‘ভাৰত ৰত্ন’ বঁটা গ্ৰহণ কৰিছিল।

ইফালে সাংবাদিকে ভাৰত ৰত্ন বঁটাটো অসমতে ৰখা হ’ব নে তেওঁ লগত লৈ যাব সেই বিষয়ে সোধাত তেওঁ কয় যে অসমবাসীয়ে য’ত বিচাৰে তাতেই ৰখা হ’ব।

তেওঁ কয়, ‘অসমবাসীয়ে চাব পৰাকৈ সুবিধাপূৰ্ণ ঠাইত স্মাৰক চিহ্ন ৰখা হ’ব’।

Related News